গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি)ত শুকুৰবাৰে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়। শুকুৰবাৰে নিশা আই আই টি- ৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে প্ৰতিষ্ঠানটোত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃতদেহ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃত ছাত্ৰগৰাকীক সূৰ্য নাৰায়ণ প্ৰেম কিশোৰ বুলি চিনাক্ত কৰা হৈছে। মৃত প্ৰেম কিশোৰ কেৰালাৰ বাসিন্দা বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰিছে।
সূৰ্য নাৰায়ণ প্ৰেম কিশোৰ আইআইটি-গুৱাহাটীৰ ডিজাইন বিভাগৰ অন্তিম বৰ্ষৰ স্নাতক শিক্ষাৰ্থী আছিল।
আৰক্ষীয়ে এতিয়ালৈকে ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। বৰ্তমান পৰ্যন্ত ছাত্ৰগৰাকীৰ কোঠোতো কোনো চুইচাইড নোট উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।
কামৰূপৰ আৰক্ষী অধীক্ষক (এছপি) হিতেশ চি এইচ ৰায়ে কয় যে ছাত্ৰজগৰাকীক তেওঁৰ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। মৃতদেহটো কোঠাৰ পৰা উদ্ধাৰ কৰাৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি তেওঁ সদৰী কৰিছে।
ইফালে আই আই টি— এ এক বিবৃতি প্ৰকাশ কৰি ছাত্ৰগৰাকীৰ মৃত্যুৰ বিষয়ে সদৰী কৰাৰ লগতে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। ইতিমধ্যে মৃত ছাত্ৰগৰাকীৰ অভিভাৱকক ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে আৰু তেওঁলোক গুৱাহাটীত শীঘ্ৰেই উপস্থিত হ’ব বুলি প্ৰতিষ্ঠানটোৱে বিবৃতিত উল্লেখ কৰে।
উল্লেখ্য যে চলিত বৰ্ষত আই আই টি, গুৱাহাটীৰ হোষ্টেল চৌহদত এয়া দ্বিতীয়টো আত্মহত্যাৰ ঘটনা। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত এগৰাকী গৱেষক ছাত্ৰৰ মৃতদেহ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল।