২০২৪ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ভোটদান আৰু ভোটগণনাৰ তথ্যক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি ৫১টা সমষ্টিৰ নিৰ্বাচনী তথ্যত বিসংগতি থকাৰ দাবী কৰিছে অনুসন্ধানমূলক সাংবাদিকতা সংস্থা ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’-এ।
সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ ৫১টা সমষ্টিৰ নিৰ্বাচনী নথিত ভোটদান আৰু ভোটগণনাৰ তথ্যৰ মাজত অমিল অথবা ভোটাৰৰ উপস্থিতিৰ তথ্যৰ অনুপস্থিতি ধৰা পৰিছে। ইয়াৰে ৩২টা সমষ্টিত ভোটদানৰ সংখ্যা আৰু ইভিএমত গণনা হোৱা ভোটৰ সংখ্যাৰ মাজত পাৰ্থক্য পোৱা গৈছে।
১০ নৱেম্বৰত প্ৰকাশিত অনুসন্ধানমূলক প্ৰতিবেদনখনত সাংবাদিক সুমেধা মিট্টাল আৰু ভেংকটেশ নায়কে উল্লেখ কৰিছে যে, তেওঁলোকে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ ৪৬৭টা বিধানসভা সমষ্টি আৰু ৬৩টা লোকসভা সমষ্টিৰ নিৰ্বাচনী নথি পৰীক্ষা কৰিছে। মুঠ ৫৩০টা সমষ্টিৰ ৪,২১২খন ভৌতিক নথি ডিজিটেল ৰূপলৈ ৰূপান্তৰ কৰি পুনৰ পৰীক্ষা কৰাৰ পিছত এই বিসংগতি ধৰা পৰাৰ দাবী কৰিছে সংবাদ প্ৰতিষ্ঠানটোৱে।
প্ৰতিবেদন অনুসৰি, ৫১টা সমষ্টিৰ ভিতৰত ১৯টা সমষ্টিত ভোটকেন্দ্ৰত প্ৰকৃততে কিমানজন ভোটাৰে ভোটদান কৰিছিল, সেই তথ্য নিৰ্বাচনী বিষয়াসকলে নথিভুক্ত কৰা নাছিল। এই ক্ষেত্ৰত ভোটাৰৰ উপস্থিতিৰ সংখ্যা থকা স্থানত ‘০’ অথবা ‘Nil’ বুলি উল্লেখ কৰা হৈছিল। ইয়াৰে দহটা সমষ্টি মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত অৱস্থিত। এই দহটা সমষ্টিৰ ভিতৰত সাতটাত বিজেপি অথবা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
আনহাতে, ৩২টা সমষ্টিৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ আভ্যন্তৰীণ নথিত উল্লেখ কৰা ভোটদানৰ সংখ্যা আৰু ইভিএমত গণনা হোৱা ভোটৰ সংখ্যাৰ মাজত অমিল পোৱা গৈছে। ইয়াৰে ১২টা সমষ্টিত ভোটদানৰ সংখ্যা ইভিএমত গণনা হোৱা ভোটতকৈ অধিক। আন ২০টা সমষ্টিত আকৌ ভোটদানৰ সংখ্যাতকৈ ইভিএমত অধিক ভোট গণনা হোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।
এই বিসংগতিৰ অন্যতম উদাহৰণ হিচাপে হাৰিয়ানাৰ বদখল বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰিছে সংস্থাটোৱে। প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথিত সমষ্টিটোত ৩.৩২ লাখ ভোটদান হোৱা বুলি উল্লেখ আছে। কিন্তু ইভিএমত গণনা হোৱা ভোটৰ সংখ্যা আছিল মাত্ৰ ১.৬০ লাখ। ২০২৪ চনৰ নিৰ্বাচনত এই সমষ্টিত বিজেপিৰ ধনেশ আদলাখাই কংগ্ৰেছৰ বিজয় প্ৰতাপ সিঙক মাত্ৰ ৬,১৮১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। পৰাজয়ৰ পিছত নিৰ্বাচনী অনিয়মৰ অভিযোগ উত্থাপন কৰি বিজয় প্ৰতাপ সিঙে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।
মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ লোকসভা সমষ্টিৰ তথ্যয়ো প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, আয়োগৰ আভ্যন্তৰীণ নথিত সমষ্টিটোত ১৮.১১ লাখ ভোটদান হোৱা বুলি উল্লেখ থকাৰ বিপৰীতে ইভিএমত গণনা হোৱা ভোটৰ সংখ্যা আছিল ১০.৩৩ লাখ। অৰ্থাৎ দুয়োটা সংখ্যাৰ মাজত প্ৰায় ৭.৭৮ লাখৰ ব্যৱধান পোৱা গৈছিল। এই সমষ্টিৰ পৰাই বিজেপিৰ পীয়ূষ গোৱেলে কংগ্ৰেছৰ ভূষণ পাটিলক পৰাস্ত কৰিছিল।
আন এক উদাহৰণ হিচাপে হাৰিয়ানাৰ কাইথল বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, আয়োগৰ আভ্যন্তৰীণ নথিত মাত্ৰ ২১৫জন ভোটাৰে ভোটদান কৰা বুলি উল্লেখ আছিল। কিন্তু ইভিএমত গণনা হোৱা ভোটৰ সংখ্যা আছিল ১,৬৭,২৮৫টা। জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ লোকসভা সমষ্টিতো ভোটদানৰ তথ্য আৰু ইভিএমত গণনা হোৱা ভোটৰ মাজত ৬,৮৯৬টাৰ পাৰ্থক্য পোৱা গৈছিল বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।
নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটদানৰ তথ্য আৰু ইভিএমৰ ভোটৰ সংখ্যা কিয় গুৰুত্বপূৰ্ণ? প্ৰতিবেদনখনত কোৱা হৈছে যে, প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ উপস্থিতিৰ তথ্য আৰু ইভিএমত গণনা হোৱা ভোটৰ সংখ্যা পৃথককৈ নথিভুক্ত কৰা হয়। ভোটাৰৰ নাম আৰু ভোটদানৰ তথ্য ফৰ্ম ১৭(ক)-ত লিপিবদ্ধ কৰা হয়। আনহাতে, ভোটদানৰ অন্তত ইভিএমত থকা মুঠ ভোটৰ সংখ্যা ফৰ্ম ১৭(গ)-ত নথিভুক্ত কৰা হয়। সাধাৰণতে দুয়োটা তথ্যৰ মাজত মিল থকাটো প্ৰয়োজনীয়। অৱশ্যে ভোটকেন্দ্ৰলৈ আহিও ভোটদান নকৰা অথবা নিৰ্বাচনী নিয়ম ভংগৰ বাবে ভোটদানত বাধা পোৱা ব্যক্তিৰ ক্ষেত্ৰত সামান্য পাৰ্থক্য থাকিব পাৰে।
প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে, এই ৫১টা সমষ্টিৰ কোনো এটাতে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা নাছিল। লগতে, ২০২৪ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী নিয়ম সংশোধন কৰি নিৰ্বাচনী নথি আৰু চিচিটিভি ফুটেজৰ ৰাজহুৱা প্ৰৱেশাধিকাৰ সীমিত কৰিছিল বুলি উল্লেখ কৰা হৈছে।
ইফালে, প্ৰতিবেদন প্ৰকাশৰ পিছতে ইয়াৰ দাবী নাকচ কৰিছে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়াই। মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, ভোটদানৰ দিনাই প্ৰাৰ্থীৰ পোলিং এজেণ্টসকলক ফৰ্ম ১৭-ৰ জৰিয়তে ভোটদানৰ সঠিক তথ্য প্ৰদান কৰা হয় আৰু ভোটগণনাৰ সময়ত ইভিএমৰ তথ্যৰ সৈতে সেই সংখ্যা মিলাই চোৱা হয়। মুম্বাই উত্তৰ সমষ্টিৰ ক্ষেত্ৰত ১৮.১২ লাখ সংখ্যাটো মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল, ভোটদান কৰা লোকৰ সংখ্যা নহয় বুলি স্পষ্ট কৰিছে বিষয়াগৰাকীয়ে। EVM-ত ১০,৩৩,২৬৭টা ভোট আৰু ডাকযোগে ভোটসহ মুঠ ১০,৩৬,৪৯৬টা ভোটদান হোৱা বুলিও তেওঁ উল্লেখ কৰে।
একেদৰে, হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰতিবেদনখনক বিভ্ৰান্তিকৰ আখ্যা দি কয় যে, কাইথল সমষ্টিত মুঠ পঞ্জীয়নভুক্ত ভোটাৰ আছিল ২,২৩,৪৪৯জন। ইভিএমত ১,৬৭,২৮৫টা ভোটদান হোৱাৰ লগতে ডাকযোগে ১,৫৬৬টা বৈধ ভোট লাভ কৰা হৈছিল। অৰ্থাৎ ডাকযোগে ভোটসহ মুঠ ভোটদানৰ সংখ্যা আছিল ১,৬৮,৮৫১টা। নিৰ্বাচনী বিষয়াগৰাকীৰ মতে, প্ৰতিবেদনত এই তথ্যসমূহৰ সঠিক ব্যাখ্যা কৰা হোৱা নাই।
এনে পৰিস্থিতিত নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথিত দেখা দিয়া বিসংগতি আৰু নিৰ্বাচনী বিষয়াসকলৰ ব্যাখ্যাৰ মাজৰ পাৰ্থক্যই নতুনকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ এই তথ্যসমূহৰ সম্পূৰ্ণ পৰীক্ষা আৰু ৰাজহুৱা ব্যাখ্যা কিমান জৰুৰী, সেই প্ৰশ্ন এতিয়া পুনৰ চৰ্চালৈ আহিছে।





