NORTHEAST NOW (Assamese)
অসম

শৌচাগাৰত ৰন্ধা খাদ্য খুৱালে দুই শতাধিক খেলুৱৈক, ব্যাপক প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 18, 2022 5:43 pm

আপুনি যদি খোৱা বোৱা কৰাৰ পাছত গম পায় যে খোৱা খাদ্যখিনি লেট্ৰিনত ৰন্ধা হৈছিল, তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব। নিশ্চয় ওকালি আহিব। হয়, এনেধৰণৰ এটা ঘৃণনীয় ঘটনাই জোকাৰি গৈছে যোগীৰাজ্য উত্তৰপ্ৰদেশ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এনেকুৱা এখন ফটো। ফটোখন হৈছে চাহাৰনপুৰৰ ক্ৰীড়া ষ্টেডিয়ামত লেট্ৰিনৰ মজিয়াত ৰন্ধা ভাতৰ ফটো ৷

উল্লেখযোদ্য যে শুক্ৰবাৰে চাহাৰনপুৰ জিলাত আৰম্ভ হোৱা তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ অনুৰ্ধ-১৭ ছোৱালীৰ কাবাডী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি থকা প্ৰায় ২০০ গৰাকী খেলুৱৈক এই খাদ্য খাবলৈ দিয়া হৈছিল বুলি অভিযোগ কৰা হৈছে।

উক্ত শিবিৰৰ এজন খেলুৱৈয়ে অভিযোগ কৰিছিল যে, জাহাজ এখনৰ পৰা ৰন্ধা ভাত এখন ডাঙৰ কাঁহিত উলিয়াই দিয়া হৈছিল আৰু খাদ্যসমূহ ওচৰৰ লেট্ৰিনৰ মজিয়াত ৰখা হৈছিল। মজিয়াত কাগজৰ টুকুৰা এটাত অৱশিষ্ট লুচিবোৰ থোৱা হৈছিল। তাৰ পিছতে দুপৰীয়াৰ আহাৰৰ বাবে খেলুৱৈসকলক সেই খাদ্য পৰিৱেশন কৰা হৈছিল।

কেইজনমান খেলুৱৈয়ে ষ্টেডিয়ামৰ বিষয়া এজনৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিছিল। বিষয়াজনে ক্ৰীড়া বিষয়া অনিমেশ চাক্সেনাক অৱগত কৰিছিল আৰু ৰান্ধনীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হৈছিল ৷ আনহাতে ঠাইৰ অভাৱতহে ষ্টেডিয়ামৰ পুলৰ ওচৰত খাদ্য ৰন্ধা হৈছিল বুলি ক্ৰীড়া বিষয়াজনে গা এৰা দিয়া মন্তব্য দিয়ে৷