NORTHEAST NOW (Assamese)
অসম

Indian Army: সাগৰ পৃষ্ঠৰ পৰা ১৯,০০০ ফুট উচ্চতাত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিলে ভাৰতীয় সেনাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2022 7:52 pm

Indian Army activates satellite broadband service ভাৰতীয় সেনাই চিয়াচেন হিমবাহত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছে। দেওবাৰে চিয়াচেন হিমবাহৰ পাদদেশত উপগ্ৰহ-আধাৰিত ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হয়।

ভাৰতীয় সেনাই এতিয়া সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২০,০০০ ফুট উচ্চতাত ইণ্টাৰনেট সেৱা লাভ কৰিব।

লগতে পঢ়ক: Iran Women Protest: আৰক্ষীৰ জিম্মাত যুৱতীৰ মৃত্যু; চুলি কাটি হিজাব জ্বলাই দি প্ৰতিবাদ ইৰাণী মহিলাৰ

ভাৰতীয় সেনাই এই বিষয়ে টুইট কৰিছে য’ত এজন ভাৰতীয় সৈনিকক টিলাটোত এটা ডিছ এণ্টেনা স্থাপন কৰা দেখা গৈছে।

টুইট কৰাৰ পিছত নেটিজেনসকলে ভাৰতীয় সেনাক প্ৰশংসাৰে উপচাই পেলাইছে।

তদুপৰি, সাধাৰণ মানুহে ভাবে যে বিশ্বৰ সৈতে যোগাযোগ এতিয়া বহুত সহজ হৈ পৰিছে।

জানিব পৰা গৈছে যে ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেডৰ সৌজন্যত ইমান উচ্চতাত ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছে।