Iran women burn hijab and cut their hair to protest ইৰাণত ২২ বছৰীয়া মাহচা আমিনীৰ মৃত্যুৱে তীব্ৰ প্ৰতিবাদী ধুমুহাৰ সৃষ্টি কৰিছে। হিজাব পিন্ধাকে ধৰি মহিলাসকলৰ ওপৰত আৰোপ কৰা ইছলামিক ৰীতি-নীতি ভংগ কৰি প্ৰতিবাদত নামি পৰিছে।
বহুতো ইৰানী মহিলাই সামাজিক মাধ্যমতে নহয়, হিজাব আঁতৰাই প্ৰতীকীভাৱে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈকো ওলাই আহিছে। প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে টিয়েৰ গেছ ব্যৱহাৰ কৰিব লগা হৈছে। ইপিনে, ছ’চিয়েল মিডিয়াত চুলি কাটি, হিজাব জ্বলাই প্ৰতিবাদ চলি আছে।
নীতি আৰক্ষীয়ে এগৰাকী ২২ বছৰীয়া ইৰাণী যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ ক’মালৈ গৈছিল আৰু অৱশেষত মৃত্যুবৰণ কৰিছিল। ইৰাণৰ নাগৰিকসকলে ৰাজপথত তথা সামাজিক মাধ্যমত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে।
যুৱতীগৰাকীক ইৰাণৰ কঠোৰ হিজাব নিয়ম অনুসৰণ নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা কেইমাহমানত ইৰাণী সমাজকৰ্মীসকলে হিজাব আইনৰ বিষয়ে সৰৱ হৈ আছে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’সমূহত আৰক্ষীয়ে হিজাব পৰিধান নকৰা মহিলাসকলৰ সৈতে নিৰ্মম আচৰণ কৰা দেখা গৈছিল।
২২ বছৰীয়া মাহচা আমিনীও নীতি আৰক্ষী থানাত আন মহিলাসকলৰ সৈতে আছিল। আৰক্ষীৰ জিম্মাত থাকোতেই তেওঁ ক’মালৈ গৈ শেষত মৃত্যুবৰণ কৰিছিল।
দেশৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ দাবীত ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে আমিনীক নীতি আৰক্ষীয়ে প্ৰহাৰ কৰিছিল। অৱশ্যে তেওঁলোকে সেইটো অস্বীকাৰ কৰিছিল।
https://twitter.com/AlinejadMasih/status/1571479790883946500?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1571479790883946500%7Ctwgr%5E7fb17a38ec9521705822b04dede01dabab7579b6%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Findianexpress.com%2Farticle%2Ftrending%2Ftrending-globally%2Firan-women-cut-their-hair-to-protest-against-death-of-22-year-old-woman-8160043%2F
চিচিটিভি ফুটেজত দেখা গৈছিল যে আমিনী হিচাপে পৰিচিত এগৰাকী মহিলা এগৰাকী আৰক্ষী বিষয়াৰ সৈতে কথা পাতিবলৈ আসনৰ পৰা উঠিছিল যদিও তাৰ পিছত হঠাতে বাগৰি পৰে। আৰক্ষীয়ে জনোৱা অনুসৰি আমিনীক আটক কৰি লৈ যোৱাৰ সময়ত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল।