গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সংশ্লিষ্ট জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত অনুষ্ঠিত ৭১সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬-ৰ বিভিন্ন জিলা পৰ্যায়ৰ চূড়ান্ত খেলসমূহ শনিবাৰে সফলতাৰে সম্পন্ন হয়। শিলচৰ জিলা পৰ্যায়ৰ খেলত ভেটেৰান এফ চিয়ে কলাইন স্প’ৰ্টছ ক্লাবক ৫-১ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অৰ্জন কৰে।
৭ নৱেম্বৰত শিলচৰ ডি এছ এ ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনৰ নিৰ্ধাৰিত ৯০ মিনিটৰ সময় ১-১ গ’লত অমীমাংসিতভাৱে সমাপ্ত হৈছিল। পৰৱৰ্তী সময়ত অতিৰিক্ত সময়ত ভেটেৰান এফ চিয়ে সুন্দৰ প্ৰদৰ্শনেৰে কলাইন স্প’ৰ্টছ ক্লাবক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে।
অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত আৰু শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত বিগত ২৮ অক্টোবৰৰ পৰা আঠটা দলৰ অংশগ্ৰহণেৰে এই প্ৰতিযোগিতাখন আৰম্ভ হৈছিল। ফাইনেল খেলৰ অন্তত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে ডি এছ এৰ বিষয়ববীয়া আৰু অ’ এন জি চিৰ (ONGC) প্ৰতিনিধিসকল উপস্থিত থাকে। অনুষ্ঠানত ভেটেৰান এফ চিক চেম্পিয়নশ্বিপ ট্ৰফী আৰু কলাইন স্প’ৰ্টছ ক্লাবক ৰানাৰ্ছ-আপ ট্ৰফী প্ৰদান কৰা হয়। শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অতনু ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, একেটা অনুষ্ঠানতে মেচ অফিচিয়েল, নিৰ্বাচক আৰু পৰ্যবেক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে মহিলা ফুটবলক উদগনি জনোৱাৰ বিশেষ পদক্ষেপ হিচাপে শিলচৰ জিলা মহিলা ফুটবল দলটোক তিনিটা ফুটবল আৰু এযোৰ জাৰ্চি উপহাৰ হিচাপে প্ৰদান কৰা হয়।
আনহাতে, শনিবাৰে ৰাজ্যৰ আন কেইবাটাও ক্লাষ্টাৰৰ জিলা পৰ্যায়ৰ খেলসমূহো অনুষ্ঠিত হয়। ক্লাষ্টাৰ ১-ৰ অধীনত শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত টিফুক টি গাৰ্ডেন এফ চিয়ে চিলড্ৰেন ফুটবল কোচিং চেণ্টাৰক ৩-১ গ’লত পৰাস্ত কৰি বিজয়ী হয়। একেদৰে, ক্লাষ্টাৰ ৫-ৰ অধীনত হাইলাকান্দি ডি এছ এ খেলপথাৰত অনুষ্ঠিত ফাইনেলত অল জৰিবন স্প’ৰ্টছ একাডেমীয়ে ডিষ্ট্ৰিক্ট ৰেঞ্জাৰ্ছ এফ চিক ৪-০ গ’লত আৰু কাৰ্বি আংলঙৰ কাছা ষ্টেডিয়ামত অনুষ্ঠিত আন এখন চূড়ান্ত খেলত ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিয়ে কাছা এফ চি চিক ৬-২ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইপিনে, ক্লাষ্টাৰ ৩-ৰ নগাঁও জিলা ৰাউণ্ডৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত ছেমি ফাইনেল দুখনত নগাঁও টাউন ক্লাবে ষ্টাৰ স্প’ৰ্টিং ক্লাবক ৬-২ গ’লত আৰু কলিয়াবৰৰ উদয় ক্লাবে কামপুৰ টাউন ক্লাবক ২-০ গ’লত পৰাস্ত কৰে।
ইফালে, ক্লাষ্টাৰ ৪-ৰ অধীনত বাক্সা জিলা ৰাউণ্ডৰ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত মেদাঘাট স্প’ৰ্টছ ক্লাবে আঠিয়াবাৰী ভেনাছ ক্লাবক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়। বাক্সাৰ এই চূড়ান্ত খেলখনত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটোত মুছলপুৰ পৌৰসভাৰ অধ্যক্ষ ৰিনদাও ৰিংশ্বি বসুমতাৰী আৰু বাক্সা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ ৰাম বড়োকে ধৰি সন্থাৰ বিষয়ববীয়া তথা বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
সকলো অংশগ্ৰহণকাৰী দল, খেল পৰিচালক, ৰেফাৰী আৰু আয়োজকসকলৰ সহযোগিতাৰ বাবে জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাসমূহ সফলতাৰে সমাপ্ত হৈছে। এই ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ জিলা পৰ্যায়ৰ খেলসমূহ আয়োজনৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে নিৰন্তৰভাৱে আগবঢ়োৱা দিহা-পৰামৰ্শ আৰু সহযোগিতাৰ বাবে বাক্সা জিলা ক্ৰীড়া সন্থাই গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে।


