• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দি কেন্দ্ৰই লোকপিয়লৰ সৈতে আসন পুনৰ বিতৰণ প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ সম্পৰ্ক কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰিলে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 27, 2026 7:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা সপ্তাহত সংসদৰ বিশেষ অধিৱেশনত আসন পুনৰ নিৰ্ধাৰণ (ডিলিমিটেশ্যন) বিধেয়কখন গৃহীত কৰাৰ দিশত কেন্দ্ৰই এক বৃহৎ পদক্ষেপ লৈছে। শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনায়, য’ত কোৱা হৈছে যে সমানুপাতিক ভিত্তিত দেশৰ প্ৰতিখন ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি কৰা হ’ব। এই নতুন সংশোধনী অনুসৰি ৰাজ্যসমূহৰ মাজত আসন বিতৰণৰ এই গাঁথনিটো অহা ২৫ বছৰ অৰ্থাৎ ২০৫১ চনলৈকে অপৰিৱৰ্তিত বা স্থগিত ৰখা হ’ব।

সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দি কেন্দ্ৰই লোকপিয়লৰ সৈতে আসন পুনৰ বিতৰণ প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ সম্পৰ্ক কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰিলে। যিহেতু সংসদত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ বিষয়টো এই আসন পুনৰ বিতৰণৰ সৈতে জড়িত, গতিকে অহা সপ্তাহত সংশোধিত আসন পুনৰ নিৰ্ধাৰণ বিধেয়কখন সংসদত দাখিল কৰিবলৈ ওলাইছে চৰকাৰে। বৰ্ষাকালীন অধিৱেশনৰ বৰ্ধিত অংশ হিচাপে ৩০ নৱেম্বৰত সংসদৰ এই বিশেষ চমু অধিৱেশন আহ্বান কৰা হৈছে।

এই প্ৰস্তাৱিত বিধেয়কখনে লোকসভাৰ মুঠ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰিব। লক্ষনীয় যে ইয়াৰ পূৰ্বে এপ্ৰিল মাহত কেন্দ্ৰই সংসদৰ বিশেষ অধিৱেশনত ‘সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক’ উত্থাপন কৰিছিল। কিন্তু এই আইনখন পৰৱৰ্তী লোকপিয়লৰ আওতাত থকাৰ বাবে ঐক্যবদ্ধ বিৰোধীৰ আপত্তিৰ বাবে সেইবাৰ বিধেয়কখন পৰাজিত হয়। মোডী চৰকাৰৰ কাৰ্যকালত সংসদত প্ৰথমবাৰৰ বাবে বিধেয়ক পৰাজিত হৈছিল।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই নতুন সংশোধনে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ এক বৃহৎ আশংকা দূৰ কৰিবলৈ গৈ আছে। এই পৰ্যন্ত দক্ষিণৰ ৰাজ্যসমূহে অভিযোগ কৰিছে যে যদি লোকপিয়লৰ ভিত্তিত আসন পুনৰ নিৰ্দ্ধাৰণ কৰা হয় তেন্তে উত্তৰ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ বাবে অনায্য সুবিধা লাভ কৰিব। আনহাতে, দক্ষিণ ভাৰতে জনসংখ্যা নিয়ন্ত্ৰণত সফল হোৱাৰ মূল্য দিব লাগিব, সংসদত তেওঁলোকৰ সমানুপাতিক প্ৰতিনিধিত্ব হ্ৰাস পাব। আসনসমূহ সমানুপাতিকভাৱে ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱে সেই চিন্তা বহু পৰিমাণে লাঘৱ কৰিব বুলি ধাৰণা কৰা হৈছে। কিন্তু বিৰোধীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে উত্থাপন কৰিছিল যে কেৱল আসন বৃদ্ধিৰ শতাংশই নহয়, ৰাজ্যসমূহৰ মাজত আনুপাতিক ভাৰসাম্যৰ প্ৰশ্নটোও গুৰুত্বপূৰ্ণ।

প্ৰসংগক্ৰমে ক’বলৈ গ’লে, ১৯৭১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি সত্তৰৰ দশকত লোকসভাৰ আসনৰ সংখ্যা শেষবাৰৰ বাবে সলনি কৰি ৫৪৩ খনলৈ পৰিৱৰ্তন কৰা হৈছিল। তেতিয়াৰ পৰা আসন পুনৰ আবণ্টনৰ প্ৰক্ৰিয়া দুবাৰ পিছুৱাই দিয়া হৈছে। এইবাৰ কেন্দ্ৰই ২৫ বছৰলৈ আসন আবণ্টনৰ অনুপাত স্থিৰ কৰি ৰাখি লোকসভাৰ শক্তি বৃদ্ধিৰ দিশত আগবাঢ়িছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm
সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

November 27, 2026 6:57 pm
উন্নয়নত ব্যৰ্থ অসম চৰকাৰ, ৰাজ্যজুৰি চলিছে ছিণ্ডিকেট ৰাজ: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অজাপ নেতা জগদীশ ভূঞাৰ

উন্নয়নত ব্যৰ্থ অসম চৰকাৰ, ৰাজ্যজুৰি চলিছে ছিণ্ডিকেট ৰাজ: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অজাপ নেতা জগদীশ ভূঞাৰ

November 27, 2026 5:59 pm
ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি কৰাৰ সিদ্ধান্ত নাকচ কলকাতা উচ্চ ন্যায়ালয়ৰ; অধ্যক্ষক দিলে ১০ দিনৰ সময়

ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি কৰাৰ সিদ্ধান্ত নাকচ কলকাতা উচ্চ ন্যায়ালয়ৰ; অধ্যক্ষক দিলে ১০ দিনৰ সময়

November 27, 2026 5:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm
সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

November 27, 2026 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd