সংসদত তেতিয়া গুৰুত্বপূৰ্ণ আলোচনা চলি আছিল। এগৰাকী মহিলা সাংসদে ভাষণ দি আছিল। কিন্তু তেওঁৰ হাতত কোনো নথি-পত্ৰ বা ফাইল নাছিল। তাইৰ কোলাত আছিল এটা কণমানি কেঁচুৱা।
মাকৰ কোলাত থকা অৱস্থাতে পিছৰ আসনৰ পৰাই শিশুটিৰ সৈতে লুকাভাকু খেলিবলৈ ধৰিলে আন এগৰাকী মহিলা সাংসদে। সংসদৰ সেই গম্ভীৰ পৰিবেশৰ মাজতে সমগ্ৰ সংসদতে বিয়পি পৰিল হাঁহি আৰু আনন্দ। অষ্ট্ৰেলিয়াৰ সংসদৰ এই মধুৰ মুহূৰ্তৰ ভিডিঅ’ই এতিয়া ইণ্টাৰনেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে।
২৫ নৱেম্বৰত সংঘটিত হয় এই কাণ্ড। পশ্চিম অষ্ট্ৰেলিয়াৰ চিনেটৰ ফাতিমা পেমেনে অষ্ট্ৰেলিয়াৰ চেনেটত ভাষণ দি আছিল। তেওঁৰ কোলাত ছমহীয়া কন্যা আলিয়া। সংসদত ভাষণ দিওঁতে ছোৱালীজনীকো কোলাত ধৰি আছিল। আলিয়াইও মাকৰ কোলাত ছটফটাই খেলিবলৈ ধৰে। এই কাণ্ড দেখি ফাতিমাইও নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।
আৰু এই মুহূৰ্ততে আন এটা দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে। পেমেনৰ ঠিক পিছফালে বহি আছিল চিনেটৰ লিডিয়া থৰ্প। ভাষণ চলি থকাৰ সময়ত কেঁচুৱাটোৰ ফালে চাই তেওঁ কেঁচুৱাটোৰ লগত লুকাভাকু খেলিবলৈ ধৰিলে। কেতিয়াবা মুখখন লুকুৱাই ৰাখিছিল, কেতিয়াবা সন্মুখলৈ আহি কেঁচুৱাটোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই সৰু মুহূৰ্তটোৱে যেন সংসদৰ গম্ভীৰ পৰিৱেশত এক ঝলক আনন্দ কঢ়িয়াই আনি দিয়ে।
অষ্ট্ৰেলিয়াৰ সংসদলৈ শিশু অনাৰ এই ঘটনা নতুন নহয়। ২০১৬ চনত অধিৱেশনৰ সময়ত সাংসদসকলক শিশু লগত ৰখা, যত্ন লোৱা আৰু প্ৰয়োজনত স্তনপান কৰাবলৈ অনুমতি দিয়া হৈছিল।
Australian Senator Fatima Payman addressed Parliament while holding her infant daughter, Alia. https://t.co/mjvrTalcQq
— fuji (@fujikaize) November 24, 2026
উল্লেখ্য যে ২০১৭ চনৰ মে’ মাহত অষ্ট্ৰেলিয়াৰ সংসদৰ অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে চিনেটৰ লাৰিছা ৱাটাৰ্ছে নিজৰ কেঁচুৱাটোক স্তনপান কৰাইছিল। আনহাতে ফাতিমা পেমেন হৈছে পশ্চিম অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী চিনেটৰ যিয়ে কাৰ্যকালত সন্তান জন্ম দিয়ে।


