NORTHEAST NOW (Assamese)
অসম

Actress Suicide: ফ্লেটৰ পৰা উদ্ধাৰ জনপ্ৰিয় অভিনেত্ৰীৰ মৃতদেহ; পোৱা গৈছে ছুইচাইড নোট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2022 5:34 pm

Actress Pauline Jessica aka Deepa dies by suicide আৰক্ষীয়ে দূৰদৰ্শন আৰু ডাঙৰ পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী দীপাৰ মৃতদেহ তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰিছে। তাৰপিছতে তামিল চলচ্চিত্ৰ উদ্যোগত বেয়া খবৰটোৱে যথেষ্ট শোকৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে সোমবাৰে চেন্নাইত থকা তেওঁৰ এপাৰ্টমেণ্টৰ পৰা পাউলিন জেছিকা ওৰফে দীপাৰ মৃতদেহ উদ্ধাৰ কৰে। ২৯ বছৰীয়া অভিনেত্ৰীগৰাকী দৰাচলতে অন্ধ্ৰ প্ৰদেশৰ কন্যা। কৰ্মসূত্ৰে তেওঁ চেন্নাইত বাস কৰিছিল।

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ

সোমবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত কোয়াম্বেডু আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দীপাৰ ঘৰৰ পৰা এখন ডায়েৰীত এটা চুইচাইড নোট পোৱা গৈছে। য’ত তেওঁ তেওঁৰ মৃত্যুৰ বাবে সম্পৰ্ক ভাঙি যোৱাক দোষাৰোপ কৰিছে।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে প্ৰভাকৰণ নামৰ দীপাৰ এজন বন্ধুৱে তেওঁক ফোনত নাপাই এপাৰ্টমেণ্টত উপস্থিত হৈছিল। তেওঁ দুৱাৰখন ভাঙি সোমাই প্ৰথমে দীপাক মৃত অৱস্থাত পৰি থকা দেখে। আৰক্ষীক অৱগত কৰাৰ পিছত তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক: ইউক্ৰেইন যুদ্ধৰ মাজতে আৰু দুই প্ৰাক্তন ছোভিয়েট ভূখণ্ডত চলিছে সংঘৰ্ষ; নিহত কমেও ১০০ জন

অৱশ্যে অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ যথেষ্ট বিভ্ৰান্তি আছে। তেওঁ আত্মহত্যা কৰিছিল নে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল সেয়া অনুসন্ধান কৰা হৈছে।

তেওঁলোকে আনকি এই আত্মহত্যাৰ টোকাটো দীপাৰ দ্বাৰা লিখা হৈছিল নে নাই সেই বিষয়েও সন্দেহ প্ৰকাশ কৰিছে।