NORTHEAST NOW (Assamese)
অসম

অবৈধ ডিটে’নশ্যন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ভূমিকাত হতাশ চি এইচ আৰ আই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2019 11:04 pm
Assam NRC: SC seeks Centre, state govt’s response over appeal for citizenship

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া নিৰীক্ষণত জাতীয়তা, বন্দিত্ব আৰু বিতাড়নৰ দৰে জটিল বিষয়সমূহ সন্দৰ্ভত ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা সুনিশ্চিত কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ক আহ্বান জনাইছে কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়ে’তিভ (CHRI)এ।

“সংবেদনশীল বিষয়ত অধিকাৰ সম্পৰ্কীয় ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা সুনিশ্চিত কৰাৰ বাবে আমি উদ্বিগ্ন নাগৰিক হিচাপে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখলৈ চাইছো। সেয়ে অবৈধ বন্দিত্ব আৰু বিতাড়ন সম্পৰ্কীয় জটিল এক বিষয়ত ভাৰতৰ নিজা সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতালৈ কাণসাৰ নকৰি ভাৰতৰ মুখ্য ন্যায়াধীশে শেহতীয়াকৈ কৰা মন্তব্যসমূহত আমি হতাশ হৈছো,” চি এইচ আৰ আইৰ বিবৃতি।

বিবৃতিটোত চি এইচ আৰ আইৰ অধ্যক্ষ ৱাজাহাত হবিবুল্লা আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এ’ পি শ্বাহ, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন অৱৰ সচিব নীতীন দেশাই আৰু প্ৰাক্তন ৰাজহ সচিব ৱিনীত ৰাইকে ধৰি সদস্যসকলে স্বাক্ষৰ কৰিছে। স্বাক্ষৰকাৰীসকলৰ দুজন অসমৰ— এন এচ জিৰ প্ৰাক্তন মুৰব্বী জয়ন্ত নাৰায়ণ চৌধুৰী আৰু চি এইচ আৰ আইৰ আন্তঃৰাষ্ট্ৰীয় সঞ্চালক প্ৰখ্যাত সাংবাদিক সঞ্জয় হাজৰিকা।

“সন্দেহযুক্ত বিদেশীৰ অধিক হাৰত বন্দিকৰণৰ ওকালতি কৰোতে মুখ্য ন্যায়াধীশে একাষৰীয়া কৰি থৈছে অবৈধ প্ৰৱেশৰ শাস্তিৰ ম্যাদতকৈ অধিক সময় বন্দিত্ববৰণ কৰা এমুঠি বিদেশী বন্দীক মুকলি কৰাৰ এক পদ্ধতি প্ৰস্তাৱ কৰা অসমৰ মুখ্য সচিবক,” বিবৃতিটোত কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে আদালতে নিজে “অমানৱীয় অৱস্থা” বুলি স্বীকাৰ কৰা পৰিস্থিতিত বন্দী শ শ বন্দীৰ মানৱ অধিকাৰৰ ইচ্ছাকৃত উলংঘন সম্বন্ধীয় গোচৰটো সন্দৰ্ভত তেওঁলোক বিশেষভাৱে উদ্বিগ্ন।

মুখ্য ন্যায়াধীশৰ মন্তব্য দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে, “(সংবিধানৰ) ২১নং প্ৰবন্ধ ইয়াৰ উদ্দেশ্য, পথ আৰু প্ৰক্ৰিয়াত খুব স্পষ্ট। ভাৰতৰ কোনো ব্যক্তি (আৰু আমি জোৰ দিওঁ যে ভাৰতীয় নাগৰিকৰ বাবে এই ক্ষেত্ৰত কোনো বিশেষ সুবিধা নাই)ক নিৰ্ধাৰিত প্ৰক্ৰিয়া অবিহনে তেওঁৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি বুলি ই সকলো কৰ্তব্যৰক্ষী আৰু নাগৰিকক সশব্দ নিশ্চিতি (ringing affirmation) দিছে।”

বিতাড়নক লৈ বাংলাদেশৰ সৈতে ভাৰতৰ কোনো চুক্তি নথকাৰ কথাও বিবৃতিটোৱে আঙুলিয়াই দিছে।

“আন্তঃৰাষ্ট্ৰীয় আইনে ধাৰ্য্য কৰিছে যে মূল দেশৰ সন্মতি হ’লেহে এনে বিতাড়ন সংঘটিত হ’ব পাৰে। ভাৰতলৈ বৃহৎ সংখ্যাত হোৱা প্ৰব্ৰজন গ্ৰহণ কৰিবলৈ বাংলাদেশে নিৰৱচ্ছিন্নভাৱে অস্বীকাৰ কৰি আহিছে। বাংলাদেশে এনে একপক্ষীয় প্ৰচেষ্টাক ক্ষতিকাৰক বুলি গণ্য কৰে দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি যিটো দুয়োখন দেশ আৰু বিশেষকৈ আমাৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত গুৰুতৰ (critical)।”

মানুহক “বন্দুক” টোঁওৱা সদৃশ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব খোজে বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে এনে পৰিস্থিতি “নৈতিকভাৱে অন্যায়, আইনগতভাৱে ভুল আৰু আন্তঃৰাষ্ট্ৰীয় গৰিহণাৰ পাত্ৰ” হ’ব।

“ঠেলি পঠোৱা”, “বিতাড়ন” আৰু “চিনাক্তকৰণ” আদি বিভাগীয় ঘোষণা আৰু আহ্বান সৃষ্টিকাৰী দীৰ্ঘদিনীয়া সমস্যা– বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজন–ক লৈ সমগ্ৰ দেশৰ লগতে অসম আৰু উত্তৰ-পূবৰ অন্যান্য অংশৰ উদ্বিগ্নতাক লৈ “আমি” খুব সংবেদনশীল বুলিও বিবৃতিটোত কোৱা হৈছে।

“যি পদ্ধতিয়েই লোৱা নহওক কিয় সেয়া আইনৰ গণ্ডীৰ ভিতৰত, ন্যায় আৰু পক্ষপাতহীন আৰু ব্যক্তিগত কষ্ট আৰু কাৰুণ্য কমাব পৰাকৈ প্ৰস্তুত হ’ব লাগিব। অসমত চলিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত এক ট্ৰাজিদি বৰ্ধিত তীব্ৰতাৰে বৃদ্ধি পাইছে।”

চি এইচ আৰ আইৰ বিবৃতিটোত কোৱা হৈছে যে অসমৰ পৰা পোৱা বৰ্ণনা/ হিচাপ (accounts) মতে “১৯৭১ৰ পিছত বাংলাদেশৰ পৰা অহাসকলক (যি ধৰ্মৰে নহওক) আৰু ভাৰতীয় নাগৰিকসকলক সংজ্ঞাবদ্ধ কৰোঁতে প্ৰায়ে আইনৰ শাসনৰ পৰিৱৰ্তে স্বেচ্ছাচাৰ চলোৱা হৈছে।”

“জটিলতা, বিভ্ৰান্তি, নিৰ্ভুলতাহীনতা আৰু পক্ষপাতিত্বৰ মিশ্ৰিত পংকত লেট লোৱা এক প্ৰক্ৰিয়াৰ ফলত লাখ লাখ লোক নৰকত পঁচিছে আৰু এতিয়া ভয় খাইছে যে তেওঁলোক ‘ৰাষ্ট্ৰহীন’ হৈ পৰিব পাৰে।”

বিবৃতিটোত কোৱা হৈছে যে অৰ্থনৈতিক পিৰামিদৰ নিম্ন স্তৰত বাস কৰা বহুতে “তেওঁলোকৰ নাগৰিকত্ব প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় জটিল নিষ্পত্তি প্ৰক্ৰিয়াত টিকি থাকিবলৈ অক্ষম। বহুসংখ্যক ইতিমধ্যে ডিটে’নশ্যন কেম্পত আছে।”

যদিও উচ্চতম ন্যায়ালয়ে “চূড়ান্ত” তালিকাৰ বাবে জুলাই, ২০১৯ সীমাৰূপে নিৰ্ধাৰণ কৰিছে, “আমি উপলব্ধি কৰিছো যে যোৱা বছৰ এন আৰ চিত নিজৰ নাম নোপোৱা ৪০ লাখৰ কমেও ৩৮ লাখে অন্তৰ্ভুক্তিৰ আবেদন কৰিছে।”

“এনে বৃহৎসংখ্যক অনুৰোধ দুমাহতে প্ৰক্ৰিয়াকৃত কৰিব নোৱাৰি আৰু আমি আহ্বান জনাওঁ যে এই ক্ষেত্ৰত যাতে খৰধৰ কৰা নহয়, কাৰণ পৰিণাম চিন্তা কৰিব নোৱাৰাকৈ বিধ্বংসী হ’ব। প্ৰচেষ্টাটো দৃঢ় আৰু পদ্ধতিগত হ’ব লাগে যাতে এন আৰ চি প্ৰক্ৰিয়াত স্বেচ্ছাচাৰিতা, পক্ষপাতিত্ব আৰু নথিৰ পুতৌজনক সংৰক্ষণৰ দৰে এন আৰ চি প্ৰক্ৰিয়াক জ্বালাতন কৰা অভিযোগসমূহ এঠা খাই নাথাকে।”

চি এইচ আৰ আইৰ বিবৃতিটোৱে আঙুলিয়াই দিয়ে যে ভাৰত মানৱ অধিকাৰৰ বিশ্বজনীন ঘোষণাপত্ৰৰ স্বাক্ষৰকাৰী।

“এনে পৰিস্থিতিত মানুহৰ অধিকাৰ প্ৰভাৱিত হোৱা ক্ষেত্ৰত আমাৰ আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাসমূহ স্পষ্ট।”

“যিকোনো ধৰ্মৰে কোনো ভাৰতীয়ই অৱহেলা, ইচ্ছাকৃত পক্ষপাত, ত্ৰুটিপূৰ্ণ বন্দিত্ব আৰু অভিযোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাটোও অগ্ৰহণযোগ্য হ’ব,” বিবৃতিটোৱে কয়।

“আন যিটো বিষয়েও আমাক উদ্বিগ্ন কৰিছে সেইটো হৈছে সামাজিক চ্যুতিৰেখাসমূহ যাৰ অসংবেদনশীল মোকাবিলাই বহু লোকক বিশেষকৈ ডেকাচামক– বিপ্লৱীকৰণৰ আশংকাৰ সৈতে– হতাশ কৰিব।”

চি এইচ আৰ আইৰ বিবৃতিটোৱে আইনী ব্যৱস্থা আৰু চৰকাৰক “মানৱীয় দিশটো মোকাবিলা কৰা এক সমাধান বিচাৰিবলৈ” আহ্বান জনাইছে।

“অসম আৰু উত্তৰ-পূবৰ আন অংশৰ পৰিস্থিতিয়ে অভূতপূৰ্ব প্ৰত্যাহ্বান আৰু অৱস্থাৰ সৃষ্টি কৰিছে যিটো ব্যক্তিগত গোচৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুত কৰা গতানুগতিক আইনী পৰিসৰৰ আবেদনৰ জৰিয়তে সমাধা কৰিব নোৱাৰি,” বিবৃতিটোত কোৱা হৈছে।