NORTHEAST NOW (Assamese)
অসম

পুৱতি নিশাৰে পৰা দেশৰ ১৩ খন ৰাজ্যত পিএফআইৰ বিৰুদ্ধে নিয়াৰ তালাচীত ১০৫ জন গ্ৰেপ্তাৰ, অসমতো ৫ জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2022 9:54 am

ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰি অহাৰ অভিযোগত আজি পুৱতি নাশাৰে পৰাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই দেশৰ ১৩ খন ৰাজ্যত পিএফআই আৰু এছডিপিআইৰ বিৰুদ্ধে তালাচী অভিযান চলায়। এই তালাচীৰ সময়ত অসমত ৫ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ঠাইৰ পৰা মুঠ ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি নিয়াৰ সূত্ৰই সদৰী কৰিছে।

জানিব পৰা মতে নিয়াই আজি পুৱতি নিশা ৩.৩০ বজাৰ পৰা এই অভিযান আৰম্ভ কৰিছিল। ১৩ খন ৰাজ্য ক্ৰমে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, পুডুচেৰী, অসম, ৰাজস্থানত এই অভিযান চলোৱা হৈছে বুলি নিয়াই প্ৰকাশ কৰিছে। অসমতো চলিছে এই অভিযান । গুৱাহাটীৰ হাতীগাঁৱত থকা পিএফআইৰ কাৰ্যালয়ত তালাচী চলাই নিয়াই আমিনুল হক নামৰ পিএফআইৰ নেতাজনক গ্ৰেপ্তাৰ কৰিছে। নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে আন ৪জন পিএফআই নেতা ।

কিছুদিন পূৰ্বে পিএফআইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক কাপ্পানক।শীৰ্ষ আদালতত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি অধিবক্তা মহেশ জেঠমালানীয়ে অভিযোগ কৰিছিল যে কাপ্পানে সংঘৰ্ষৰ বাবে উচতনি দিবলৈ চেষ্টা কৰিছিল। লগতে সাংবাদিক গৰাকীয়ে বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰিবলৈও প্ৰচেষ্টা চলাইছিল বুলিও জেঠমালানীয়ে দাবী কৰে।

অধিবক্তা জেঠমালানীয়ে লগতে কাপ্পান সন্ত্ৰাসবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতেও জড়িত বুলি দাবী কৰি জামিনৰ বিৰোধিতা কৰিছিল।

জেঠমালানীৰ এই দাবীৰ পিছতে বিচাৰপীঠে কাপ্পানৰ বিৰুদ্ধে থকা এই অভিযোগৰ কোনো নিৰ্দিষ্ট প্ৰমাণ আছে নেকি বুলি প্ৰশ্ন কৰে। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে এই বিষয়ত কোনো প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হয়।

উল্লেখ্য যে ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত সংঘটিত হৈছিল এক নৃশংস দলবদ্ধ ধৰ্ষণকাণ্ড। চাৰিজন ব্যক্তিয়ে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।

এই ঘটনাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (কেইউডব্লিউজে) দিল্লী গোটৰ সম্পাদক কাপ্পানক আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে আটাইকেইগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।