NORTHEAST NOW (Assamese)
অসম

চিত্ৰশিল্পী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ অসুস্থ; জিএমচিএইচত চিকিৎসাধীন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2022 5:00 pm

ৰাজ্যখনৰ এগৰাকী বৰ্ষীয়ান চিত্ৰশিল্পী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ বৰ্তমান অসুস্থ হৈ  জিএমচিএইচত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে কিডনীৰ সমস্যাত ভুগিছে। জিএমচিএইচৰ এদল বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

আনহাতে, আজি জিএমচিএইচত উপস্থিত হৈ বিশিষ্ট শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লয় সাংস্কৃতি মন্ত্ৰী বিমল বৰাই। তেওঁ চিকিৎসকসকলৰ সৈতেও কথা পাতে আৰু শিল্পীগৰাকীক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে।

দেশ-বিদেশত চিত্ৰশিল্পৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা চিত্ৰশিল্পী, কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰৰ পৰিচালক, ৰজত কমল বঁটা বিজয়ী পুলক গগৈ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট হিচাপেও পৰিচিত।