NORTHEAST NOW (Assamese)
দেশ

আহি আছে 5G: ১ অক্টোবৰত দেশত মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2022 6:11 pm
5G services in India

ভাৰতত শীঘ্ৰেই মুকলি হ’ব 5G ইণ্টাৰনেট সেৱা। অহা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানস্থিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত 5G সেৱা আৰম্ভ কৰিব।

ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে আজি এক টুইট যোগে এই কথা সদৰী কৰিছে।

ভাৰতৰ ডিজিটেল সংযোগ ব্যৱস্থাক এক নতুন শিখৰলৈ নিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল টেকন’লজি ফ’ৰাম ইণ্ডিয়া ম’বাইল কংগ্ৰেছত 5G সেৱা আৰম্ভ কৰিব বুলি ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে উল্লেখ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী, ভাৰতী এয়াৰটেলৰ সুনীল মিট্টাল আৰু ভ’ডাফোন-আইডিয়া ইণ্ডিয়াৰ মুৰব্বী ৰবীন্দ্ৰ তক্কৰে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকিব।

দিল্লী আৰু মুম্বাইকে ধৰি দেশৰ সাতখন চহৰত ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভি ভ’ডাফোন-আইডিয়াৰ দ্বাৰা 5G সেৱাৰ শুভাৰম্ভ কৰা হ’ব।

বৰ্তমান প্ৰচলন হৈ থকা 4G সেৱাৰ ৬০ Mbps গতিৰ তুলনাত 5G সেৱাত ১০০ Mbps গতি উপলব্ধ হ’ব।