NORTHEAST NOW (Assamese)
অসম

কৰ ফাঁকিৰ ঘটনাত জড়িত মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাক জেইললৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ April 24, 2018 7:28 am
tax_scam

কৰ ফাঁকিৰ ঘটনাত চি বি আয়ে বিচাৰি ফুৰা যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাই গুৱাহাটীস্থিত চি বি আইৰ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছত তেওঁক জেইললৈ প্ৰেৰণ কৰা হৈছে। ইতিপূৰ্বে একেটা গোচৰত তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা আন চাৰিজনকো জেইললৈ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে সংঘটিত হোৱা কৰ ফাকি কেলেংকাৰিত কেইবাজনো বিষয়া তথা ব্যৱসায়ী জড়িত হৈ থকাৰ কথাটো অলপতে চি বি আয়ে পোহৰলৈ আনিছিল আৰু এই সন্দৰ্ভত আয়কৰ আয়ুক্ত স্বেতাভ সুমনক দিল্লীত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল।

স্বেতাভ সুমনৰ উপৰি আন এগৰাকী আয়কৰ বিষয়া, দুগৰাকী চাৰ্টাৰ্ড একাউণ্টেট, এগৰাকী ব্যৱসায়ীকো আটক কৰিছিল সংস্থাটোৱে। কিন্তু মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাক বিচাৰি আছিল যদিও তেওঁ পলাতক হৈ আছিল।

জানিব পৰামতে আয়ুক্ত সুমনে নিজৰ ক্ষমতা অপপ্ৰয়োগ কৰি ব্যৱসায়ী চক্ৰটোক কোটি কোটি টকাৰ আয়কৰ ৰেহাই দি কমিচন সংগ্ৰহ কৰি আহিছিল। ইয়াত তেওঁক সহায় কৰিছিল চাৰ্টাৰ্ড একাউনটেণ্ট চক্ৰ এটাই।

সুমনে সুৰেশ কুমাৰ আগৰৱালাৰ পৰাও আয়কৰ ৰেহাইৰ বাবদ ৫০ লাখ টকাৰ ঘোচ বিচাৰিছিল। কিন্তু ইয়াৰে ৪০ লাখ টকা মধ্যস্থতাকাৰীৰ জৰিয়তে দিব খোজোতেই চি বি আয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে স্বেতাভ সুমনকে ধৰি আনকেইজনক চি বি আয়ে নিজৰ জিম্মাত লৈ জেৰা কৰি ভালেমান গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে।