NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইনৰ চাৰিটা অঞ্চল দখল কৰাৰ বাবে ৰাছিয়াক সমালোচনা আমেৰিকাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 1, 2022 4:42 pm

ৰাছিয়াৰ সমালোচনাত মুখৰ হৈ পৰিছে আমেৰিকা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে পশ্চিমক সতৰ্ক কৰি দিছিল যে মস্কো অধিকৃত ইউক্ৰেইনৰ চাৰিটা অঞ্চলৰ লোকসকল “চিৰদিনৰ বাবে আমাৰ নাগৰিক”।

তেওঁ ক্ৰেমলিনৰ এক অনুষ্ঠানত তেওঁলোকক আনুষ্ঠানিকভাৱে সংযুক্ত কৰাৰৰ সময়তে এনেদৰে কয়। পুটিনে কয়, “মই কিয়েভৰ শাসক আৰু পশ্চিমৰ প্ৰভুসকলক ক’ব বিচাৰো যে লুহানস্ক, ডনেটস্ক, খেৰচন আৰু জাপোৰিজজিয়াত বাস কৰা লোকসকল চিৰদিনৰ বাবে আমাৰ নাগৰিক হৈ পৰিল” ।

পুটিনে শুকুৰবাৰে চাৰিটা আংশিক ভাৱে অধিকৃত ইউক্ৰেইন অঞ্চলৰ সংযুক্তিৰ বিষয়ত স্বাক্ষৰ কৰে। পুটিনে গ্ৰেণ্ড ক্ৰেমলিন পেলেছৰ ছেইণ্ট জৰ্জ হলত এক টেলিভিছন অনুষ্ঠানত পূব ডনেটস্ক আৰু লুহানস্ক অঞ্চলৰ লগতে দক্ষিণ জাপোৰিজজিয়া আৰু খেৰচন অঞ্চলৰ সংযুক্ত কৰে।

অধিকৃত ইউক্ৰেইনৰ অঞ্চলসমূহত ৰাছিয়াই চাৰিটা ‘গণভোট’ত জয়ী হোৱাৰ দাবী কৰিছিল, যি জয় মস্কোৱে অধিক ভূ-খণ্ড নিজৰ অধিগ্ৰহণ কৰাৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰিব পাৰে। আমেৰিকাই ৰাছিয়াৰ এনে পদক্ষেপক হঠকাৰী আখ্যা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিছে।