NORTHEAST NOW (Assamese)
অসম

গান্ধী জয়ন্তী: প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি; আন্তৰ্জাতিক অহিংসা দিৱসত বিশ্ববাসীলৈ ৰাষ্ট্ৰসংঘৰ বাৰ্তা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 2, 2022 12:39 pm

দেওবাৰে ৰাজঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫৩ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ উপৰিও ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু ৰাজনীতিবিদে ৰাজঘাটত উপস্থিত হৈ গান্ধীজীক শ্ৰদ্ধাঞ্জলি জনায়।

আন্তৰ্জাতিক অহিংসা দিৱসত ৰাষ্ট্ৰসংঘয়ো বাপুক স্মৰণ কৰি বিশ্ববাসীক এক বাৰ্তা প্ৰদান কৰে।

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জনাই খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান জনায়।

ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহাত্মা গান্ধীৰ জন্মদিন ২ অক্টোবৰ দিনটো প্ৰতি বছৰে গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।   অহিংসাৰ প্ৰচাৰক গান্ধীৰ জন্মদিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপেও পালন কৰা হয়। ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এইটো ঘোষণা কৰিছিল।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে শান্তি, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মূল্যবোধৰ প্ৰতি নিজকে পুনৰ সমৰ্পিত কৰাৰ এয়া সকলোৰে বাবে এক সুযোগ।

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া এক বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মই সকলো দেশবাসীৰহৈ ৰাষ্ট্ৰপিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।‘’

তেওঁ কয়, “গান্ধী জয়ন্তী হৈছে আমাৰ সকলোৰে বাবে তেওঁৰ অনুপ্ৰেৰণাদায়ক জীৱন– শান্তি, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মূল্যবোধৰ প্ৰতি নিজকে পুনৰ সমৰ্পিত কৰাৰ এক সুযোগ।”

ছোনিয়া গান্ধীকে ধৰি আন কেইবাগৰাকী নেতাইও গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজঘাটত উপস্থিত হৈ ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে গান্ধীজীৰ স্মৃতিত পুষ্পাঞ্জলি প্ৰদান কৰে।

গান্ধীজীক ১৯৪৮ চনত হত্যা কৰা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম বিনায়ক গডছে গান্ধীক গুলীয়াই হত্যা কৰে।

ইপিনে, এক টুইটযোগে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে আন্তৰ্জাতিক অহিংসা দিৱসৰ কথা সোঁৱৰাই দিয়ে আৰু গান্ধীৰ শিক্ষাৰ কথা স্মৰণ কৰে।

তেওঁ কয়, “আন্তৰ্জাতিক অহিংসা দিৱসত আমি মহাত্মা গান্ধীৰ জন্মদিন আৰু শান্তি, সন্মান আৰু অপৰিহাৰ্য মৰ্যাদাৰ মূল্যবোধৰ উদযাপন কৰোঁ। আমি এই মূল্যবোধ গ্ৰহণ কৰি আৰু এই সংস্কৃতিৰ ওপৰত কাম কৰি আজিৰ প্ৰত্যাহ্বানবোৰক পৰাস্ত কৰিব পাৰোঁ।”