NORTHEAST NOW (Assamese)
অসম

স্বামীৰ মাহিলী দৰমহাৰ তথ্য বিচাৰি আৰটিআই কৰিলে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 5, 2022 8:40 pm

সাধাৰণতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ইমান দিনে বিভিন্ন প্ৰতিষ্ঠানৰ তথ্য বিচাৰি আবেদন কৰা হৈ আহিছে যদিও শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ দৰমহাৰ তথ্য বিচাৰি কৰা আবেদনে বহুতকে আমোদ দিছে। উত্তৰ প্ৰদেশৰ মহিলাগৰাকীয়ে দৰাচলতে ভাৰতৰ ন্যায় ব্যৱস্থাই দিয়া সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰিছে।

মহিলাগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তেওঁৰ স্বামীয়ে এমাহত কিমান উপাৰ্জন কৰে সেয়া জানিবলৈ এখন আবেদন দাখিল কৰিছে।

আয়কৰ বিভাগৰ মতে স্বামীৰ উপাৰ্জনৰ বিৱৰণ অহা ১৫ দিনৰ ভিতৰত পত্নীক দিয়া হ’ব। উত্তৰ প্ৰদেশৰ বাসিন্দা সঞ্জু গুপ্তাই তেওঁৰ স্বামীৰ উপাৰ্জন জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লৈছে। মহিলাগৰাকীয়ে আৰটিআই দাখিল কৰিবলৈ বাধ্য হৈছে কিয়নো তেওঁৰ স্বামীয়ে বিষয়টো প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি আহিছে। প্ৰথমতে উত্তৰ প্ৰদেশৰ বৰেলীৰ আয়কৰ বিভাগে এই ক্ষেত্ৰত তেওঁক সহযোগিতা কৰা নাছিল।

পত্নীয়ে পুনৰ এই সন্দৰ্ভত নতুনকৈ আবেদন দাখিল কৰে। ইয়াৰ পিছত আয়কৰ বিভাগে এক নিৰ্দেশনা জাৰি কৰে যে মহিলাগৰাকীক অহা ১৫ দিনৰ ভিতৰত তেওঁৰ স্বামীৰ দৰমহাৰ সকলো তথ্য জনোৱা হ’ব। উল্লেখ্য ২০২২ চনৰ ১৯ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এইবুলি ৰায় দিছিল যে পত্নীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত স্বামীৰ উপাৰ্জনৰ বিষয়ে জানিব পাৰিব।সেই ৰায়ৰ আধাৰতে মহিলাগৰাকীয়ে আবেদন কৰিছে।