NORTHEAST NOW (Assamese)
দেশ

অষ্টম শ্ৰেণীৰ ছাত্ৰৰ নামত ২.৯ লাখ টকা ক্ষতিপূৰণৰ জাননী! মধ্যপ্ৰদেশ প্ৰশাসনৰ কাৰ্যক লৈ সৰ্বত্ৰে চৰ্চা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2022 2:12 pm
Madhya Pradesh Ram Navami clash

মধ্য প্ৰদেশৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১২ বছৰীয়া নাবালকৰ নামত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত ২.৯ লাখ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। ৰাজ্যখনৰ খাৰগোন জিলাত ৰাম নৱমীৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাা জড়িত থকাৰ অভিযোগত ছাত্ৰগৰাকীলৈ এই জাননী জাৰি কৰিছে প্ৰশাসনে।

তদুপৰি ছাত্ৰগৰাকীৰ শ্ৰমিক পিতৃলৈও ৪.৮ লাখ টকাৰ জৰিমনা পৰিশোধৰ জাননী জাৰি কৰিছে ন্যায়াধীকৰণে। ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আৰু পুনৰুদ্ধাৰ আইনৰ অধীনত পৰিয়ালটোৰ দুই সদস্যলৈ এই জাননী জাৰী কৰা হৈছে।

পৰিয়ালটোৰ বিৰুদ্ধে এগৰাকী চুবুৰীয়া মহিলাই এক অভিযোগ দাখিল কৰিছিল। তেওঁ অভিযোগ কৰা মতে, চলিত বৰ্ষৰ ১০ এপ্ৰিলত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত একাংশ লোকে সংঘটিত কৰা হিংসাত্মক কাৰ্যত তেওঁৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল।

ইফালে প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে আতংকিত হৈ পৰিছে পৰিয়ালটো। নিজ স্বামী আৰু পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ পৰিছে কালু খানৰ পত্নী।

তেওঁ নিজৰ স্বামী আৰু পুত্ৰক নিৰ্দোষী বুলি উল্লেখ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালটো শুই থকা বুলি দাবী কৰিছে আৰু ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

ইফালে মধ্য প্ৰদেশ প্ৰশাসনৰ এই কাৰ্যই সম্প্ৰতি তীব্ৰ চৰ্চা লাভ কৰিছে। প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (AIMIM)ৰ মুৰব্বী আসাদ্দুদিন ওৱেইচিয়ে মুছলমানৰ বিৰুদ্ধে এয়া ঘৃণাৰ বহিৰ্প্ৰকাশ বুলি অভিযোগ কৰিছে।

“মধ্যপ্ৰদেশৰ আইনৰ অধীনত এটা ১২ বছৰীয়া শিশুক দোষী সাব্যস্ত কৰা হৈছে। কিশোৰ ন্যায় আইনত কোৱা হৈছে যে “শিশু এটিক কোনো বিদ্বেষপূৰ্ণ বা অপৰাধমূলক অভিপ্ৰায়ৰ বাবে দোষী নহয় বুলি ধাৰণা কৰা হ’ব”। তেওঁলোকে মুছলমানসকলক ইমান ঘৃণা কৰে যে এতিয়া তেওঁলোকে শিশুৰ পৰাও ক্ষতিপূৰণ ল’ব?”- এক টুইটত ওৱেইচিয়ে কয়।

উল্লেখ্য যে ১০ এপ্ৰিলত খাৰগোন জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত একাংশ দুৰ্বৃত্তই শিল নিক্ষেপ কৰাৰ পিছত দুটা গোটৰ মাজত ব্যাপক সংঘৰ্ষ আৰম্ভ হৈছিল। এই সংঘৰ্ষৰ ফলত অঞ্চলটোত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত তাৎক্ষণিকভাৱে কাৰফিউ জাৰি কৰা হৈছিল।

সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ৬০ খনতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু ১৭০ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য প্ৰশাসনে ৫০ টাতকৈও অধিক ঘৰ, দোকান আৰু অট্টালিকা ভাঙি পেলাইছিল।