NORTHEAST NOW (Assamese)
অসম

পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2022 2:42 pm

Romina Pourmokhtari named as Sweden’s climate minister ছুইডেনৰ নতুন চৰকাৰে এগৰাকী ক্লাইমেট এক্টিভিষ্ট বা পৰিৱেশ কৰ্মীক পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি দিছে। এইটো ঠিক মেধা পাটকাৰক এই দেশৰ পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়াৰ দৰে ঘটনা।

ছুইডেনৰ এই মন্ত্ৰীজনৰ নাম ৰোমিনা পোৰামখতাৰী। তেওঁ দেশখনৰ কনিষ্ঠতম মন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছে। তেওঁৰ বয়স ২৬ বছৰ। ইয়াৰ আগতে আটাইতকৈ কম বয়সৰ মন্ত্ৰী হোৱাৰ অভিলেখ আছিল ২৭ বছৰ।

ৰোমিনা পোৰামখতাৰী।

ৰোমিনা পোৰামখতাৰী দেশখনৰ লিবাৰেল পাৰ্টিৰ যুৱ শাখাৰ মুখ। গ্ৰেটা থুনবাৰ্গ তেওঁৰ নিজৰ দেশত এগৰাকী কিশোৰী পৰিৱেশ কৰ্মী হিচাপে বিখ্যাত। এইবাৰ গ্ৰেটাৰ পিছত ৰোমিনা পোৰামখতাৰীৰ নামও চৰ্চিত হ’ব।

ৰোমিনা পোৰামখতাৰী এটা পৰিয়ালসূত্ৰে ইৰানী যদিও ষ্টকহোমত জন্মগ্ৰহণ কৰিছে। উল্ফ ক্ৰিষ্টাৰচন ছুইডেনৰ প্ৰধানমন্ত্ৰী। ৰোমিনা পোৰামখতাৰীয়ে তেওঁৰ মন্ত্ৰীসভাত স্থান পাইছে। তেওঁ ২০২২ চনত আহি মন্ত্ৰী হৈছে। কিন্তু তেওঁৰ অতীতৰ আন্দোলন দেশৰ প্ৰশাসনৰ বিৰুদ্ধে আছিল।

ৰোমিনা পোৰামখতাৰী।

২০২০ চনত তেওঁ এটা পোষ্টত লিখিছিল, ‘ওল্ফ ক্ৰিষ্টাৰচন উইদাউট এছডি – এবচল্যুটলী।’ ‘ওল্ফ ক্ৰিষ্টাৰচন উইথ এছডিৰ – নো থেংকছ’! ‘এছডি’ হৈছে ছুইডেন ডেমোক্ৰেট।

গ্ৰেটা থুনবাৰ্গ ছুইডেনৰ পৰিৱেশ আন্দোলনৰ অন্যতম মুখ। তেওঁ বিশ্বৰ যুৱসকলক একত্ৰিত কৰিছে আৰু পৰিৱেশ আন্দোলনত চামিল কৰিছে।