NORTHEAST NOW (Assamese)
অসম

বিশাল ব্যৱধানত পৰাজিত শশী থাৰুৰ; কংগ্ৰেছৰ নতুন সভাপতি হ’ল মল্লিকাৰ্জুন খাৰ্গে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 19, 2022 3:41 pm

Mallikarjun Kharge elected Congress president মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক বৃহৎ ব্যৱধানত পৰাজিত কৰিছে। ফলস্বৰূপে কংগ্ৰেছে দুটা দশকৰ পিছত এগৰাকী অ-গান্ধী সভাপতি লাভ কৰিলে।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত “হাইকমাণ্ডৰ প্ৰাৰ্থী” হিচাপে পৰিচিত খাৰ্গেই ৭,৮৯৭ টা ভোট লাভ কৰিছে।  তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰে ১০৭২ টা ভোট লাভ কৰিছে। অৰ্থাৎ খাৰ্গে ৬,৮২৫ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।

ইয়াৰ আগেয়ে ২০০০ চনত কংগ্ৰেছ সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেইবাৰ উত্তৰ প্ৰদেশৰ নেতা জীতেন্দ্ৰ প্ৰসাদে ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। ছোনিয়াৰ বিৰুদ্ধে জিতেন্দ্ৰৰ ভোট তিনিটা সংখ্যাতো উপনীত হোৱা নাছিল। ইয়াৰ তুলনাত থাৰুৰে খাৰ্গেৰ বিৰুদ্ধে কিছু সন্মানীয় স্থিতিত উপনীত হৈছে।

কেৰালাৰ সাংসদগৰাকীয়ে আৰম্ভণিৰে পৰা নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁ বাৰে বাৰে অভিযোগ কৰিছে যে তেওঁ ৰাজ্যিক পৰ্যায়ৰ নেতা বা শীৰ্ষ নেতাৰ পৰা মল্লিকাৰ্জুন খাৰ্গেৰ দৰে সহযোগিতা লাভ কৰা নাই। প্ৰচাৰত সহায় কৰাৰ কথাটো বাদেই, থাৰুৰক কিছুমান ৰাজ্যত প্ৰচাৰ চলাবলৈও বাধা দিয়া হৈছিল বুলিও অভিযোগ উত্থাপিত হৈছে। আনকি নিৰ্বাচনৰ ফলাফলৰ দিনাও থাৰুৰে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু তেলেংগানাৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল।

অৱশ্যে ফলাফল ঘোষণা হোৱাৰ পিছত থাৰুৰে খাৰ্গেক তেওঁৰ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াত অভিনন্দন জনাইছে। কংগ্ৰেছ নেতাজনে টুইট কৰি কয়, “কংগ্ৰেছৰ সভাপতি হোৱাটো এক ডাঙৰ সন্মান আৰু দায়িত্ব। মই আশা কৰোঁ খাৰ্গেজী এই কামত সফল হ’ব। এহেজাৰতকৈও অধিক সহকৰ্মীৰ সমৰ্থন পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।”

দৰাচলতে, থাৰুৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পৰা পিছ পৰি আছিল। কাৰণ খাৰ্গেৰ নাম ‘গান্ধী পৰিয়ালৰ প্ৰাৰ্থী’ হিচাপে প্ৰক্ষেপিত হৈছিল। অৱশ্যে ছোনিয়া গান্ধীয়ে আৰম্ভণিৰে পৰা কৈ আহিছে যে তেওঁলোক নিৰ্বাচন প্ৰক্ৰিয়াত নিৰপেক্ষ হ’ব। একেদৰে গান্ধী পৰিয়ালৰ সদস্যসকলে কোনো প্ৰাৰ্থীৰ সমৰ্থনত মুকলিকৈ মুখ খোলা নাছিল।

কিন্তু ফলাফলৰ দিনা, ৰাহুল গান্ধীক ‘জিভা পিচল’ খোৱা দেখা হৈছিল। ফলাফল ঘোষণা হোৱাৰ আগতেই তেওঁ কয় যে খাৰ্গে সভাপতি নিৰ্বাচিত হ’বলৈ গৈ আছে। ‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুলক অন্ধ্ৰ প্ৰদেশত সোধা হৈছিল, “নতুন সভাপতি অহাৰ পিছত আপোনাৰ ভূমিকা কি হ’ব?” প্ৰশ্নটোৰ উত্তৰত ৰাহুলে কয়, “এইটো খাৰ্গেজীয়ে সিদ্ধান্ত ল’ব।

পিচে, তৎক্ষণাৎ পৰিস্থিতি চম্ভালি কংগ্ৰেছৰ সাংসদগৰাকীয়ে অৱশ্যে কয়, “খাৰ্গেজী আৰু থাৰুৰজী দুয়ো অভিজ্ঞ, মই এজন সাধাৰণ কৰ্মী। তেওঁলোকে কোৱাৰ দৰে মই কাম কৰিম।‘’