NORTHEAST NOW (Assamese)
অসম

নাগ্ৰীজুলিত টিঘিল-ঘিলাই থকা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক August 26, 2019 5:46 pm
IMG_20190825_201424

ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত লাওপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

আটকাধীন লোকজন বাংলাদেশৰ মৈমনসিং জিলাৰ ভালুকা গাঁৱৰ মহম্মদ হাছেমৰ পুত্ৰ মহম্মদ ৱাজেদ (৪৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে যোৱা শনিবাৰে নিশা প্ৰায় ১০.৪৫ মান বজাত লাওপাৰা গাঁৱৰ একাংশ যুৱকে লোকজনক টিঘিল-ঘিলাই থকা দেখি নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে গাঁওখনত আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ যায়।

লোকজনক নিশাটো নাগ্ৰীজুলি আৰক্ষী চকীত ৰখাৰ পাছত দেওবাৰে তামুলপুৰ আৰক্ষীক গতাই দিয়ে।

ইফালে লোকজনে তিনিবছৰ পূৰ্বেই মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অসমলৈ অহা বুলি তামুলপুৰ আৰক্ষীৰ আগত স্বীকাৰ কৰে।

আটকাধীন বাংলাদেশী নাগৰিক জনৰ বিৰুদ্ধে ইতিমধ্যে তামুলপুৰ সীমান্ত আৰক্ষীয়ে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে।