NORTHEAST NOW (Assamese)
অসম

বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধৰ দাবীত পাঠশালাত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ August 26, 2019 5:40 pm
বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধৰ দাবীত পাঠশালাত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰা আৰু অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে আজি পাঠশালাত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰ আৰু সাঃ সম্পাদক লক্ষেশ্বৰ দাসৰ নেতৃত্বত শতাধিক কৰ্মীয়ে উক্ত কাৰ্যসূচীত অংশ লৈ ‘বৃহৎ নদীবান্ধ বন্ধ কৰক’, ‘অসম চৰকাৰ হায় হায়’, ‘কেন্দ্ৰীয় চৰকাৰ হায় হায়’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

উক্ত কাৰ্য্যসুচীত কেন্দ্ৰীয় সহ সম্পাদক বিজন বায়ন যুটীয়া সম্পাদক মন্টুকুমাৰ শৰ্মাৰ উপৰি সংগঠনটোৰ বহুকেইজন নেতা-কৰ্মীয়ে বৃহৎ নদীবান্ধসমূহ বন্ধৰ কৰাৰ বাবে প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি বজালী মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আজিৰ এই কাৰ্য্যসূচীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পাঠশালা, নিত্যানন্দ, ভৱানীপুৰ, পূৱ-হস্তিনাপুৰ আঞ্চলিক সমিতি আৰু বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সদস্যসকলে ভাগ লয়।