NORTHEAST NOW (Assamese)
জীৱনশৈলী

সংকটৰ সময়ত মনত ৰাখক চাণক্যৰ এই তিনি বাণী: হ’ব উপকৃত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 31, 2023 7:04 am
Chanakya Niti

প্ৰতিগৰাকী ব্যক্তিয়ে স্বাভাৱিকতেই নিজৰ জীৱনটো সুখ-স্বাচ্ছন্দ্যৰে সজাই তুলিব বিচাৰে, জীৱনত নিবিচাৰে কোনো দুখ-সংকটৰ উপস্থিতি। কিন্তু মানুহে নিবিচাৰিলেও সুখৰ দৰেই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত যিকোনো মুহূৰ্ততে আহি পৰে আকস্মিক সংকট। এনে পৰিস্থিতিৰ আমি কেনেদৰে সন্মুখীন হওঁ, সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে।

সংকটৰ সময়ত কেনে আচৰণ কৰিব লাগে সেই সম্পৰ্কে আচাৰ্য চাণক্যই বহু গুৰুত্বপূৰ্ণ কথা কৈছে। আচাৰ্য চাণক্যৰ এই বাণীসমূহ অনুসৰণ কৰাসকলে বিপদৰ সময়ত কেতিয়াও আতংকিত নহয়; বৰঞ্চ এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি বিপদক পৰাস্ত কৰিব পাৰে।

ইতিবাচক চিন্তা, সঠিক বিচাৰ আৰু ধৈৰ্য্যই সফলতা কঢ়িয়াই আনিব

সংকটৰ সময়ত উপযুক্ত পৰামৰ্শ, জ্ঞান, অভিজ্ঞতা আৰু সাহস ব্যক্তিৰ শক্তি হৈ পৰে। প্ৰতিকূল পৰিস্থিতিত এই গুণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে। সংকট আহিলেও মন বিচলিত কৰিব নালাগে। বিচলিত মন এটাই কেতিয়াও সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। যিকোনো সৰু-ডাঙৰ বিপদত যদি শক্তিৰ লগতে বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হয়, তেন্তে জয়ৰ সম্ভাৱনা ১০০ শতাংশ হৈ পৰে।

নেতিবাচক চিন্তাই এনে সময়ত ব্যক্তিৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সেয়ে চাণক্যই কৈছে যে, সংকটৰ সময়ত বহু লোকে আপোনাক অপমান কৰিব পাৰে, নিন্দা কৰিব পাৰে, আনকি একেলগে থাকিও হয়তো আপোনাৰ মনত বেয়া চিন্তাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। এনে মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আৰু ভাল সংগৰ সৈতে থাকক।

একতাই বিপদ ৰোধ কৰিব

মনত ৰাখিব, যিকোনো সংকট দূৰ কৰিবলৈ সাহস আৰু ঐক্য অতি প্ৰয়োজনীয়। সংকটৰ সময়ত যদি আপুনি অহং ভাৱ মনত ৰাখে, তেন্তে ক্ষতি হোৱাটো নিশ্চিত। এজন অকলশৰীয়া ব্যক্তিয়ে নিজৰ যুদ্ধ নিজেই যুঁজে, কিন্তু পৰিয়াল বা সমাজৰ কথা আহিলে এক হৈ যুঁজ কৰাটো প্ৰয়োজনীয়।

তেতিয়াহে সফলতা লাভ কৰিব পাৰি আৰু কোনো তৃতীয় পক্ষই বিপদ ঘটাব নোৱাৰে। এনে সময়ত এজনে আনজনৰ দোষ বিচাৰ নকৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

সজাগ হৈ থাকক

আচাৰ্য চাণক্যই কয় যে বিপদৰ সময়ত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়, কাৰণ সংকটৰ সময়ত এজন ব্যক্তিৰ সুযোগ সীমিত আৰু প্ৰত্যাহ্বান ডাঙৰ। এনে পৰিস্থিতিত সামান্য ভুল এটাই ডাঙৰ ক্ষতি কৰিব পাৰে, গতিকে আগতীয়াকৈ সাৱধান হোৱাটো অতি প্ৰয়োজনীয়।