NORTHEAST NOW (Assamese)
অসম

দালাই লামাক লৈ গান গোৱাৰ বাবেই পাঁচজন তিব্বতীক আটক চীনা কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2022 6:22 pm

চীনা কৰ্তৃপক্ষই তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক নেতা দালাই লামাক লৈ গান গোৱাৰ বাবে পাঁচজন তিব্বতীক আটক কৰিছে। তিব্বেতীয়ান চেন্টাৰ ফৰ হিউমেন ৰাইটছ এণ্ড ডেম’ক্ৰেচি-য়ে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

স্থানীয় সংবাদ মাধ্যম পাউলৰ বাতৰি অনুসৰি পাঁচজন তিব্বতী সংগীত শিল্পীয়ে জনপ্ৰিয় চীনা ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম কুয়াইশোত এক সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকক চীনা আৰক্ষীয়ে তাত দালাই লামাক লৈ এটা গান পৰিৱেশন কৰাৰ বাবে আটক কৰে।

লগতে পঢ়ক: মাৰ্কিন থিংক টেংকৰ প্ৰতিবেদন! ৰাছিয়া আৰু চীনৰ বিৰুদ্ধে যুদ্ধ জিকাৰ ক্ষমতা নাই আমেৰিকাৰ

গ্ৰেপ্তাৰ কৰা পাঁচজনৰ ভিতৰত চাৰিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। প্ৰতিবেদনত কোৱা হৈছে যে দিনজোৰা ব্যাপক জেৰাৰ পিছত এজন অচিনাক্ত সংগীতজ্ঞ আৰু সুৰকাৰৰ বাহিৰে গ্ৰেপ্তাৰ কৰা চাৰিজনক মুকলি কৰি দিয়া হয়।

ইফালে, দেৰাব নামৰ এজন তিব্বতী শিল্পীক যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ওপৰত অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁ সকলো উৎসৱ বা সমাৱেশত প্ৰদৰ্শন কৰাৰ পৰা বিৰত থকাৰ চৰ্তত তেওঁক এটা বণ্ড পৰিশোধ কৰিবলৈ বাধ্য কৰা হয়।

লগতে পঢ়ক: পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

এতিয়াৰ পৰা যদি দেৰাবে কেতিয়াবা ভাৰ্চুৱেল প্লেটফৰ্মত লাইভ কৰাৰ পৰিকল্পনা কৰে তেন্তে তেওঁ কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব বুলিও প্ৰতিবেদনত কোৱা হৈছে।