NORTHEAST NOW (Assamese)
Popular Stories

বিৰাট বন্দনা! ‘এজন বহুত ডাঙৰ খেলুৱৈ’, মহাযুদ্ধত পৰাজিত হোৱাৰ পিছতো কোহলিৰ প্ৰশংসাত বাবৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 7:27 am

তেওঁৰ বেটিং তাণ্ডৱতে পাকিস্তানৰ মহাযুদ্ধ জিকাৰ সপোন ভাঙি পৰিছিল। তথাপি,  বিৰাট কোহলীক প্ৰশংসা কৰিলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে। পাকিস্তানৰ ১৫৯ ৰাণ অতিক্ৰম কৰাৰ লক্ষ্য অনু সৰণ কৰি ভাৰতে ৭ অভাৰত ৩১ ৰাণত চাৰিটা উইকেট হেৰুৱাইছিল।

ঠিক তেতিয়াই কোহলী খেলপথাৰলৈ আহিছিল আৰু হাৰ্দিক পাণ্ডিয়াক লগত লৈ মেচখনৰ গতি ঘূৰাই দিছিল। দলটোক সংকটমুক্ত কৰাই নহয়, খেলখন জিকায়ো দিলে। ৯৮ মিনিট ক্ৰীজত থাকি ৫৩ টা বলত ৮২ ৰাণৰ কোহলীৰ এই ইনিংছ ইতিহাসত লিখা ৰব।

বিৰাটৰ বেটিং মেলবৰ্ণৰ মনত থাকি যাব। ভাৰতৰ প্ৰাক্তন অধিনায়কজনে হাৰ্দিক পাণ্ডিয়াৰ সৈতে ৭৮ বলৰ পাৰ্টনাৰশ্বিপেৰে স্ক’ৰবোৰ্ডত ১১৩ ৰাণ যোগ দিছিল। 

খেলখনৰ পিছত পাকিস্তানৰ অধিনায়ক বাবৰে কয়, “প্ৰথম ১০ অভাৰত আমাৰ বলাৰসকলে ভাল বলিং কৰিছিল। কিন্তু বিৰাট আৰু হাৰ্দিকক কৃতিত্ব দিব লাগিব। বিৰাটে তেওঁৰ ক্লাচটো দেখুৱালে। এখন অতি ক্ল’জ গেম আছিল। মানুহে ইয়াক উপভোগ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ খেলখনত সদায় অতিৰিক্ত চাপ থাকে। চাপ যিমান সোনকালে আঁতৰ কৰিব পাৰি, সিমানেই ভাল। বিৰাটে বুজাই দিলে যে তেওঁ এজন বহুত ডাঙৰ খেলুৱৈ। পাৰ্টনাৰশ্বিপটোৱে খেলখন ঘূৰাই দিছিল। এই ইনিংছটোৱে নিঃসন্দেহে তেওঁক অতি আত্মবিশ্বাসী কৰি তুলিব। এনে বিজয়ে মানসিক সন্তুষ্টি প্ৰদান কৰে।‘’

বাবৰে শেষ অভাৰত বাওঁহাতীয়া স্পিনাৰ মহম্মদ নাৱাজক আনিছিল। ভাৰতে জিকিবলৈ ১৬ ৰাণ বাকী আছিল। কিন্তু নৱাজে প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ হৈছিল। বাবৰে কয়, “আমি কোহলী-পাণ্ডিয়াৰ যুটি ভাঙিবলৈ মুখ্য বলাৰসকলক আনিছিলো। কিন্তু পৰিকল্পনাটো আশা কৰা অনুসৰি কাম কৰা নাছিল। মই আশা কৰোঁ নৱাজে তেওঁৰ ভুলৰ পৰা শিকিব। পৰৱৰ্তী বাৰ এনে পৰিস্থিতি আহিলে, তেওঁ বুজি পাব কি কৰিব লাগিব।‘’

বাবৰে কয় যে এই পৰাজয়ৰ পৰা শিক্ষা লৈ তেওঁলোক সোনকালেই প্ৰতিযোগিতাখনৰ মাজলৈ উভতি আহিব। পৰৱৰ্তী এখন খেলৰ পিছতে তেওঁলোকৰ  খেল আছে। তাতেই পাকিস্তানে দৃষ্টি দিব।

বিৰাটে যেতিয়া বেয়া সময়ৰ মাজেৰে পাৰ হৈছিল, সেই মুহূৰ্তত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বাবৰে বিৰাটৰ কাষত থিয় দিছিল। ক্ৰীড়াসুলভ সৌজন্য দেখুৱাই বাবৰ ট্ৰেণ্ডিং হৈ আছিল। ক্ৰিকেট অনুৰাগীসকলে বাবৰৰ আচৰণৰ যথেষ্ট প্ৰশংসা কৰিছিল। বাবৰে টুইটাৰত লিখিছিল, “এই কঠিন সময় পাৰ হ’ব। আপুনি শক্তিশালী হ’ব লাগিব।‘’ যাৰ উত্তৰত বিৰাটে কৈছিল, “বহুত ধন্যবাদ। তোমাৰ উন্নতি হওঁক। এনেদৰে আগবাঢ়ি যোৱা। তোমাক বহু শুভকামনা জনাইছো।‘’

ক্ৰিকেটত বিৰাটৰ বহু পিছত বাবৰৰ উত্থান হৈছে। তথাপি বাবৰে নিজকে আন এটা উচ্চতালৈ লৈ গৈছে। তেওঁক প্ৰায়ে বিৰাটৰ সৈতে তুলনা কৰা হয়। বাবৰে বাৰে বুজাই দিছে যে চিৰ প্ৰতিদ্বন্দী দেশৰ মহান বেটিং তাৰকাৰ প্ৰতি তেওঁৰ সন্মান কোনখিনিত!