NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিশ্বৰ অৰ্থনীতি সংকটত পেলাইছে পুটিনে! প্ৰথম ভাষণতে পুটিনক সমালোচনা ঋষি সুনাকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 8:03 pm
Rishi Sunak's First Speech

প্ৰধানমন্ত্ৰী হিচাপে বৃট্ৰেইনৰ শাসনভাৰ গ্ৰহণ কৰি জনতাক উদ্দেশ্য কৰি প্ৰথমটো ভাষণত কি কি গুৰুত্বপূৰ্ণ কথা ক’লে ভাৰতীয় মূলৰ ঋষি সুনাকে? বৃট্ৰেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কৰা প্ৰথমটো ৰাজহুৱা সম্বোধনতে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান ভ্লাদিমিৰ পুটিনক তীক্ষ্ণ কটাক্ষ কৰে ঋষি সুনাকে।

ভাষণত ঋষি সুনাকে কয় যে – “এই মুহূৰ্তত আমাৰ দেশ এক গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। কোভিডোত্তৰ পৰিস্থিতি এতিয়াও অব্যাহত আছে। ইউক্ৰেইনত পুটিনৰ যুদ্ধই বিশ্বজুৰি বজাৰ আৰু যোগান শৃংখলসমূহ অস্থিৰ কৰি তুলিছে।” এনেদৰে ইউৰোপ তথা বিশ্বৰ অৰ্থনীতিলৈ ৰুছ-ইউক্ৰেইন যুদ্ধৰ ফলত নামি অহা সংকটৰ কথা উল্লেখ কৰিলে ঋষি সুনাকে।

ইয়াৰ লগতে ঋষি সুনাকে পূৰ্বৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। সুনাকে কয় যে – “দেশৰ বিকাশ কৰিব বিচৰাটোত লিজা ট্ৰাছৰ কোনো ভুল নাছিল। ই এক মহৎ লক্ষ্য আছিল। পৰিৱৰ্তনৰ হকে তেখেতৰ মনত সৃষ্টি হোৱা অস্থিৰতাক মই প্ৰসংশা জনাওঁ। সমস্যাবোৰ যিমান পাৰোঁ সমাধান কৰিবলৈ মই মোৰ দলৰ নেতা আৰু আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হৈছো। কামসমূহ ক্ষীপ্ৰতাৰে আৰম্ভ হ’ব।”

“প্ৰতিটো স্তৰতে এই চৰকাৰখনৰ সততা, পেছাদাৰিত্ব, আৰু দায়বদ্ধতা থাকিব। আপোনালোকৰ বিশ্বাস আাদায় কৰা হ’ব। প্ৰধানমন্ত্ৰী হিচাপে বৰিছ জনছনৰ সফলতাৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম।” – শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি সুনাকে এইদৰে কয়।

পৰৱৰ্তী সময়ত বৃট্ৰেইনক অৰ্থনৈতিক ৰাজনৈতিক সংকটৰ পৰা উদ্ধাৰ কিমান সফল হ’ব সেয়া লক্ষ্যনীয় হ’ব। লগতে লক্ষ্যনীয় হ’ব প্ৰভাৱগোষ্ঠী হিচাপে ৰুছ-ইউক্ৰেইন যুদ্ধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৃট্ৰেইনে কিদৰে কাৰ্যপন্থা অৱলম্বন কৰে।