NORTHEAST NOW (Assamese)
দেশ

পৰিয়ালতন্ত্ৰৰ অৱসান! কাইলৈ আনুষ্ঠানিক ৰূপত কংগ্ৰেছ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব খৰ্গেই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 8:54 pm
Mallikarjun Kharge

অৱশেষত বুধবাৰে ভাৰতীয় ৰাজনীতিৰ এসময়ৰ প্ৰতিপত্তিশীল তথা বৰ্তমানৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিভাৱে অৱসান ঘটিব গান্ধী পৰিয়ালৰ কৰ্তৃত্ব। বিগত আভ্যন্তৰীণ নিৰ্বাচনত দলৰ সভাপতি হিচাপে মনোনীত হোৱা জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই বুধবাৰে দলটোৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ৰূপত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব।

কাইলৈ কংগ্ৰেছৰ আভ্যন্তৰীণ নিৰ্বাচন কমিটিৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীয়ে আনুষ্ঠানিকভাৱে খৰ্গেক নিৰ্বাচনী প্ৰমাণপত্ৰ হস্তান্তৰ কৰিব। এই অনুষ্ঠানত দলৰ বিদায়ী মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ১৭ অক্টোবৰত দলৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হোৱা আভ্যন্তৰীণ নিৰ্বাচনৰ ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হৈছিল। জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক বৃহৎ ব্যৱধানত পৰাজিত কৰি কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি নিৰ্বাচনত “হাইকমাণ্ডৰ প্ৰাৰ্থী” হিচাপে পৰিচিত খৰ্গেই ৭,৮৯৭ টা ভোট লাভ কৰিছিল। আনহাতে তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰে ১০৭২ টা ভোট লাভ কৰিছিল। অৰ্থাৎ খৰ্গে ৬,৮২৫ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।

ইয়াৰ পূৰ্বে ২০০০ চনত অন্তিমবাৰৰ বাবে কংগ্ৰেছ সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেইবাৰ উত্তৰ প্ৰদেশৰ নেতা জীতেন্দ্ৰ প্ৰসাদে ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। ছোনিয়াৰ বিৰুদ্ধে জিতেন্দ্ৰৰ ভোট তিনিটা সংখ্যাতো উপনীত হোৱা নাছিল। ইয়াৰ তুলনাত থাৰুৰে খাৰ্গেৰ বিৰুদ্ধে কিছু সন্মানীয় স্থিতিত উপনীত হৈছে।

উল্লেখ্য যে ১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছিল দলটোৰ নেতৃত্ব। কাইলৈ খৰ্গেই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে দুই দশকতকৈও অধিক সময়ৰ পিছত আক্ষৰিক ৰূপত গান্ধী পৰিয়ালৰ কৰ্তৃত্বৰ অৱসান ঘটিব কংগ্ৰেছত।