NORTHEAST NOW (Assamese)
Popular Stories

নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দিশত ৰিয়েল মাদ্ৰিডৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক গাৰ্চিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2020 12:05 pm
নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দিশত ৰিয়েল মাদ্ৰিডৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক গাৰ্চিয়া

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ দল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আগন্তুক ২০২০-২১ ছিজনৰ বাবে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ চিন্তা চৰ্চা কৰিছে।

বলিউদ ছুপাৰষ্টাৰ জন আব্ৰাহামৰ নৰ্থ-ইষ্ট দলে ৰিয়েল মাদ্ৰিডৰ পূৰ্বৰ সহকাৰী প্ৰশিক্ষক আলেজান্দ্ৰো মেনেঞ্জেজ গাৰ্চিয়াক মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

উল্লেখ্য যে ভাৰতত প্ৰশিক্ষকৰূপে দায়িত্ব পালন কৰাৰ সম্পূৰ্ণ অভিজ্ঞতা আছে স্পেইনৰ ৫৩ বছৰীয়া গাৰ্চিয়াৰ।

গাৰ্চিয়াই কলকাতাৰ ইষ্ট বেংগলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল। গাৰ্চিয়াৰ প্ৰশিক্ষণতে ২০১৮-১৯ বৰ্ষৰ আই লীগত ইষ্ট বেংগল ৰানাৰ্ছ আপ হৈছিল।

২০০৯-১১ চনলৈকে গাৰ্চিয়া ৰিয়েল মাদ্ৰিডৰ বি দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকাৰ উপৰি মূল দলৰ প্ৰশিক্ষক জোছে ম’ৰিনহোৰ ক’চিং ষ্টাফত আছিল।