NORTHEAST NOW (Assamese)
অসম

তিনি নাবালিকাক ধৰ্ষণৰ অভিযোগ: গোৱালপাৰাত তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2022 8:43 pm
minor raped

দেশত বৰ্দ্ধিত ধৰ্ষণ তথা নাৰীজনিত অপৰাধৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে আজি ৰাজ্যত নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে তিনি অভিযুক্ত। গোৱালপাৰা জিলাৰ দুধনৈত আজি আৰক্ষীয়ে তিনিগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

যোৱা ২২ অক্টোবৰত ধৃত তিনিও অভিযুক্তই ভ্ৰমণৰ অচিলাৰে নাবালিকা তিনিগৰাকীক ধৰ্ষণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি ধৃত তিনি যুৱকে ঘটনাৰ দিনা এটা পাৰ্টি উদযাপন কৰাৰ উদ্দেশ্যে নাবালিকা তিনিগৰাকীক ভ্ৰমণত লৈ গৈছিল।

জানিব পৰা মতে যুৱক তিনিগৰাকীয়ে অসম-মেঘালয় সীমান্তৰ ওচৰৰ এটা পথৰ কাষৰ এখন ভোজনালয়লৈ নাবালিকা কেইগৰাকীক লৈ যায়।

ভোজনালয়ত অভিযুক্ত যুৱক কেইজনে পানীত কোনো নিচাজাতীয় দ্ৰব্য মিহলাই দিয়ে আৰু এই পানী খোৱাৰ পাছত অজ্ঞান হোৱা নাবালিকা তিনিগৰাকীক এটা ইটাভাটালৈ নি উপৰ্যুপুৰি ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে।

আনহাতে এই ধৰ্ষণকাণ্ডৰ পিছদিনা দুধনৈ অঞ্চলৰ বজাৰ এলেকাত তিনি ধৰ্ষিতা নাবালিকাক এৰি থৈ যায় অভিযুক্ত যুৱক তিনিগৰাকীয়ে।

ইফালে তিনিও নাবালিকাই পৰিয়ালৰ আগত এই কথা অৱগত কৰাত অভিভাৱকসকলে আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত তিনি অভিযুক্তক হাছান পৰমানিক, দেৱাশীষ দাস আৰু হাফিজুল আলী বুলি চিনাক্ত কৰা হৈছে।