NORTHEAST NOW (Assamese)
দেশ

দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে মধ্যপ্ৰদেশ: কিশোৰসহ ছয় দুৰ্বৃত্তৰ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা, অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2022 9:59 pm
Gang-Rape

দেশত বৰ্দ্ধিত ধৰ্ষণৰ দৰে বৰ্বৰ কাণ্ডৰ সময়তে মধ্যপ্ৰদেশত সংঘটিত আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই পুনৰবাৰ জোকাৰি গৈছে সমগ্ৰ দেশ। ৰাজ্যখনত এগৰাকী কিশোৰসহ ছয় দুৰ্বৃত্তৰ বিকৃত কামনাৰ বলি হ’বলগীয়া হৈছে এগৰাকী মহিলা।

এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ টিকমগড় চহৰত। আৰক্ষীৰ ভাষ্য মতে চহৰখনৰ এটা নিৰ্মীয়মাণ ভৱনত বৃহস্পতিবাৰে নিশা এগৰাকী মহিলাক পাঁচ লম্পট পুৰুষ আৰু এগৰাকী কিশোৰে দলবদ্ধ ধৰ্ষণ কৰিছে।

মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অপৰাধ সন্দৰ্ভত পাঁচ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন ১৬ বছৰীয়া কিশোৰক আটক কৰিছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

অভিযোগ অনুসৰি অভিযুক্ত ছয় লম্পটে বৃহস্পতিবাৰে উৰেনিশা নিৰ্মীয়মাণ অট্টালিকাটোৰ ভিতৰত মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰিছিল।

আজি পুৱা মহিলাগৰাকীয়ে স্থানীয় আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে আৰু ইয়াৰ পিছতে আটাইকেইগৰাকী অভিযুক্তক বিভিন্ন স্থানৰ পৰা আটক কৰে আৰক্ষীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এগৰাকী অভিযুক্তই সেই স্থানত চকীদাৰ হিচাপে কাম কৰিছিল আৰু চুবুৰীয়া ছত্ৰপুৰ জিলাৰ বাসিন্দা মহিলাগৰাকীক চিনি পাইছিল।

তেওঁ মহিলাগৰাকীক শ্ৰমিক হিচাপে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ফোন কৰি মাতি আনিছিল। ইয়াৰ পাছতে অভিযুক্ত আন পাঁচগৰাকীৰ সৈতে মিলি তেওঁলোকে মহিলাগৰাকীক গোটেই নিশা ধৰ্ষণ কৰে।

ধৰ্ষণত অভিযুক্ত আন কেইবাগৰাকী লোক শ্ৰমিক আছিল আৰু এই ঘৃণনীয় কাণ্ডৰ সময়ত আটাইকেইগৰাকীয়ে সুৰা পান কৰি আছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

ইতিমধ্যে অভিযুত্কসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে।