NORTHEAST NOW (Assamese)
অসম

বিহাৰত ইখনৰ পিছত সিখন দলং ভাঙি পৰাৰ ঘটনা; উচ্চতম ন্যায়ালয় পালেগৈ গোচৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 4, 2024 3:19 pm

বিহাৰত এখনৰ পিছত আন এখনকৈ ৯ খন দলং ভাঙি পৰাৰ ঘটনাৰ বিষয়টো এইবাৰ পালেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া।

বিহাৰ চৰকাৰে সৰ্বোচ্চ পৰ্যায়ৰ অডিট কৰি উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব। আদালতে প্ৰশ্ন উত্থাপন কৰে যে কিয় এনে দুৰ্বল দলংসমূহ মেৰামতি কৰা নহ’ল।

এই সন্দৰ্ভত অধিবক্তা ব্ৰজেশ সিঙে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। ইখনৰ পিছত সিখন দলং ভাঙি পৰাৰ ফলত সাধাৰণ মানুহৰ জীৱন যাত্ৰাত ব্যাঘাত জন্মাইছে। আনকি নিৰ্মীয়মান দলঙো ভাঙি পৰিছে। অৰ্থাৎ তাৰ অৰ্থ হ’ল ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়কঃ চাৰি কোটিৰ বিলাসী আশ্ৰমত গোপন কোঠা-কেফে! হাথৰছৰ ভোলে বাবাৰ সম্পত্তি দেখি চকু থৰ আৰক্ষীৰ

আদালতত তেওঁ কয় যে এই সকলোবোৰ মানব সৃষ্ট দুৰ্যোগৰ পৰা সাধাৰণ মানুহক বচাব লাগে। লগতে পুৰণি দলংসমূহ সঠিক ৰক্ষণাবেক্ষণৰ অভাৱৰ বাবে চৰম অৱহেলাৰ সন্মুখীন হৈছে। সাধাৰণ ৰাইজে ইয়াৰ ফল ভোগ কৰিছে।

যিবোৰ সংস্থাই এই দলং নিৰ্মাণ কৰিছে তেওঁলোকে ইয়াৰ দায়িত্ব ল’বই লাগিব। বিহাৰৰ দৰে বানপীড়িত ৰাজ্যত বাৰে বাৰে সংঘটিত এনে ঘটনা শুভ লক্ষণ নহয়।