NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম? সলনি হ’ল তথ্য প্ৰযুক্তি আইন!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 29, 2022 8:11 am

ফেচবুক বা টুইটাৰৰ পৰা পোষ্টটো কিয় আঁতৰাই দিয়া হৈছে? এনে অভিযোগৰ নিষ্পত্তি কৰা হ’ব ৩ ৰ পৰা ১৫ দিনৰ ভিতৰত! কিন্তু কেনেদৰে? কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে এখন সমিতি গঠন কৰিবলৈ আগবাঢ়িছে। তথ্য প্ৰযুক্তি আইনৰ সংশোধন ঘটাইছে মোডী চৰকাৰে।

প্ৰায় সকলোৱে এতিয়া সামাজিক মাধ্যমত কম বেছি পৰিমাণে সক্ৰিয় হৈ আছে। ফেচবুকত একাউণ্ট নথকা লোক বিচাৰি পোৱাটো কঠিন। বহুলোকে টুইটাৰ আৰু ইনষ্টাগ্ৰামো ব্যৱহাৰ কৰে। তেওঁলোকে গোটেই দিনটো বিভিন্ন ধৰণৰ পোষ্টো শ্বেয়াৰ কৰে। কিন্তু তাতো যে বিপদ নঘটে সেয়া নহয়।

লগতে পঢ়ক: নেন্সি পেলোচীক ঘৰত বিচাৰি নাপাই স্বামীক হাতুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ; গ্ৰেপ্তাৰ অভিযুক্ত

কেতিয়াবা কিছুমান মন্তব্য, ছবি বা ভিডিঅ’ এই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা হয় যিয়ে জনসাধাৰণৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আনকি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে।

কেন্দ্ৰীয় চৰকাৰে ফেচবুক আৰু টুইটাৰৰ দৰে সংস্থাৰ সৈতে কেইবাবাৰো বিবাদত জড়িত হৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলো সমস্যাত পৰিবলগীয়া হয়। সেয়ে অৱশেষত তথ্য প্ৰযুক্তি আইন সংশোধন কৰা হৈছে।

লগতে পঢ়ক:হানি ট্ৰেপিঙৰ জালত উৰিষ্যাৰ ১৮গৰাকী বিধায়ক : সংকটত পাটনায়ক চৰকাৰ

সংশোধিত আইনৰ অধীনত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ অভিযোগ শুনিবলৈ এখন সমিতি গঠন কৰা হ’ব। প্ৰতিখন সমিতিতে তিনিজন সদস্য থাকিব। শীৰ্ষ বিষয়াসকলৰ উপৰিও আন দুজন বিষয়া থাকিব। যদি ছ’চিয়েল মিডিয়াৰ পৰা এটা পোষ্ট বিলোপ কৰা হয় তেন্তে এই সমিতিৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা যাব।

সেই অনুসৰি, ২৪ ঘণ্টাৰ ভিতৰত কেবল অভিযোগ শুনাই নহয়, সমিতিৰ সদস্যসকলে ৩ৰ পৰা ১৫ দিনৰ ভিতৰত অভিযোগৰ নিষ্পত্তিও কৰিব।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে হঠাতে হোৱাটছএপ বন্ধ কৰি দিয়া হৈছিল। ফলস্বৰূপে, হাজাৰ হাজাৰ ব্যৱহাৰকাৰী সমস্যাত পৰিছিল। প্ৰায় ডেৰ ঘণ্টাৰ পিছতহে পৰিস্থিতি স্বাভাৱিক হৈছিল।