NORTHEAST NOW (Assamese)
অসম

পুনেৰ এখন ৰেষ্টুৰেণ্টৰ সকলো কৰ্মচাৰীয়েই বধিৰ আৰু বোবা !

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 29, 2022 7:37 pm

পুনৰ এখন ৰেষ্টুৰেণ্টে বধিৰ আৰু বোবা কৰ্মচাৰী নিয়োগ কৰি আহিছে চৰ্চালৈ। উৎকৃষ্ট আদৰ্শৰ পৰিচয় দাঙি ধৰিছে।টেৰাচিন নামৰ পুনেৰ এখন ৰেষ্টুৰেণ্টে মানৱীয় প্ৰচেষ্টাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে।

এই ৰেষ্টুৰেণ্টত বধিৰ আৰু মূক কৰ্মচাৰীসকলক চাকৰি প্ৰদান কৰা হৈছে। ইণ্টাৰনেটত বহুলোকে ৰেষ্টুৰেণ্ট খনৰ মালিক গোষ্ঠীক প্ৰশংসাৰে ওপচাই দিছে।

ৰেষ্টুৰেণ্ট খনৰ কৰ্মচাৰীসকলকে গ্ৰাহকৰ সৈতে কথা পাতিবলৈ সাংকেতিক ভাষা ব্যৱহাৰ কৰে।ইয়াৰ উপৰি ইয়াত এখন সহজ মেনু প্ৰদৰ্শন কৰা হয়, যিয়ে গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত সৰল বাৰ্তালাপ কৰাত সহায় কৰি আহিছে।

৭৩৬ হাজাৰতকৈও অধিক লোকে সামাজিক মাধ্যমত পোষ্টটো লাইক কৰিছে। ৰেষ্টুৰেণ্টখনে লণ্ডনৰ আন্তৰ্জাতিক আতিথ্য পৰিষদৰ পৰা “হস্পিটালিটি উইথ এ কজ” বঁটা লাভ কৰিছে। ইয়াত বহু বিকলাঙ্গ ব্যক্তিক নিযুক্তি দিয়া হৈছে।