NORTHEAST NOW (Assamese)
অসম

যোৰহাটত কৰ্তব্যৰত চিকিৎসা কৰ্মীৰ চৰকাৰী বাসগৃহত চুৰিকাণ্ড; সোণৰ আ-অলংকাৰ চুৰি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 28, 2020 1:41 pm

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্থানত সোমবাৰে সন্ধিয়া সংঘটিত দুটাকৈ ধাৰাবাহিক চুৰিকাণ্ডই চাঞ্চল্যৰ  সৃষ্টি কৰিছে সমগ্ৰ টীয়কত ৷

উল্লেখযোগ্য যে, টীয়ক ফাৰ্ষ্ট ৰেফাৰেল ইউনিত চিকিৎসালয়ৰ আবাসিক এলেকাত  মানুহ নথকাৰ সুযোগ লৈ এ এন এম জ্যোতিকা নায়কৰ চৰকাৰী বাসগৃহত তলা ভাঙি প্ৰায় ষাঠি হাজাৰ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ আঠ হাজাৰ টকা লৈ উধাও হয় চোৰ ৷

বাসগৃহত চোৰ সোমোৱাৰ সময়ত ভগামুখৰ ক’ভিড-১৯ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত আছিল জ্যোতিকা নায়ক ।

আনহাতে, একেদিনাখনে টীয়কৰ মাজগাঁও পথত ভাৰাতীয়া হিচাপে থকা মমী বৰুৱাৰ ঘৰৰ আলমিৰা ভাঙি চোৰে প্ৰায় চল্লিছ হাজাৰ টকাৰ মূল্যৰ সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায়।

ইতিমধ্যে দুয়োটা ঘটনা সন্দৰ্ভত  টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

টীয়ক আৰক্ষীয়ে চুৰি কাৰ্য্যৰ সৈতে জড়িত থকা চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰু শীঘ্ৰেই চোৰ কেইজনক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।