NORTHEAST NOW (Assamese)
অসম

বিবিচিক হিন্দু আৰু ভাৰত বিৰোধী আখ্যা দি লণ্ডনত হিন্দু সংগঠনৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 29, 2022 8:01 pm

প্ৰতিবাদত কঁপি উঠিল লণ্ডন। বিশ্বৰ আগশাৰীৰ সম্প্ৰচাৰ সংস্থা ‘বিবিচি হিন্দু আৰু ভাৰত বিৰোধী আখ্যা দি বহু কেইটা ব্ৰিটিছ হিন্দু সংগঠনে বিবিচিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। হিন্দু সংগঠনসমূহে বিবিচিক ‘হিন্দু বিৰোধী আৰু ভাৰত বিৰোধী পক্ষপাতিত্ব’ বুলি কৈ সংস্থাটোৱে ইয়াৰ মনোভাৱ সলনি কৰিব লাগিবই বুলি কয়।

বিবিচিয়ে বহু বছৰ ধৰি অবিৰতভাৱে হিন্দু আৰু ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই অহা বুলিও হিন্দু সংগঠনসমূহে অভিযোগ কৰিছে। আজি পুৱা ১১ বজাত লণ্ডনত বিবিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ‘হিন্দুফোবিয়া আৰু ইণ্ডিয়াফোবিয়াৰ বিৰুদ্ধে’ প্ৰতিবাদ অনুষ্ঠিত হয়।

ছেপ্টেম্বৰত দ্য গাৰ্ডিয়ান বাতৰি কাকতৰ বিৰুদ্ধেও ব্ৰিটিছ হিন্দুসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। প্ৰতিবাদকাৰীসকলে বিবিচিক এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে। তেওঁলোকে অভিযোগ কৰে যে বিবিচিৰ কভাৰেজত এক অন্তৰ্নিহিত হিন্দু বিৰোধী পক্ষপাতিত্ব আছে যিটো যোৱা ১৮ বছৰত অধিক বেয়াৰ দিশলৈ গৈছে।

হিন্দু সংগঠনৰ বিবৃতিত কোৱা হৈছে: ‘ইছলামিক মৌলবাদীয়ে লিচেষ্টাৰত হিন্দুসকলৰ ওপৰত হোৱা চলোৱা হিংসাত্মক আক্ৰমণৰ বিষয়ে বিবিচিৰ কভাৰেজ পক্ষপাতদুষ্ট হৈছে।’