NORTHEAST NOW (Assamese)
ক্ৰীড়া

টি ২০ ক্ৰিকেট বিশ্বকাপ :: সমুখ সমৰত ভাৰত-বাংলাদেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2022 1:45 pm

চলি আছে টি ২০ ক্ৰিকেটৰ বিশ্বকাপ। যোৱা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আৰম্ভ হৈছে টি-২০ বিশ্বকাপ।  টি ২০ ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমী।

বুধবাৰে টি ২০ বিশ্বকাপত সমুখ সমৰত অৱৰ্ত্তীণ হ’ব ভাৰত আৰু বাংলাদেশ। ভাৰতীয় সময় অনুসৰি দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । দুই দেশৰ বাবে খেলখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।

উল্লেখ্য যে ২০১৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে শক্তিশালী খেল প্ৰদৰ্শনেৰে টি ২০ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল বাংলাদেশ।

কিন্তু ২০১৬ চনত টি ২০ বিশ্ব কাপত মাত্ৰ ১ ৰাণত বাংলাদেশক পৰাস্ত কৰিছিল ভাৰতে।

উল্লেখ্য যে ২০০৭ চনত হোৱা টি-২০ বিশ্বকাপত প্ৰথম আৰু অন্তিমবাৰৰ বাবে দলপতি মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে জয় লাভ কৰিছিল।

এতিয়ালৈকে ভাৰতে ৭ খন টি-২০ বিশ্বকাপৰ মাত্ৰ এখনত হে জয় লাভ কৰাৰ বিপৰীতে  ২০০৯,২০১০, ২০১২ আৰু ২০২১ চনত অনুষ্ঠিত হোৱা এই খেলত গ্ৰুপ পৰ্যায়তে বাহিৰ হৈছিল ভাৰতীয় ক্ৰিকেট দল।

এতিয়া সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন – ৰোহিত শৰ্মাৰ নেতৃত্বত অভিজ্ঞ ভাৰতীয় ক্ৰিকেট দলটোৱে এইবাৰ টি-২০ বিশ্বকাপ আঁজুৰি আনিবলৈ সক্ষম হ’ব নে ?