NORTHEAST NOW (Assamese)
Popular Stories

নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2024 8:04 am

নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদ নাদিমে। পেৰিছত পুৰুষৰ জেভেলিন থ্ৰোত সোণৰ পদক লাভ কৰি পাকিস্তানী তাৰকাগৰাকীয়ে অলিম্পিকত অভিলেখ গঢ়িবলৈ সক্ষম হয়। অলিম্পিকৰ ইতিহাসত এইটো পাকিস্তানৰ প্ৰথমটো ব্যক্তিগত স্বৰ্ণ। নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে।

ৰূপৰ পদক লাভ কৰিও ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় তাৰকাগৰাকীয়ে। এতিয়ালৈকে কোনো ভাৰতীয়ই একেৰাহে দুখন অলিম্পিকত সোণ আৰু ৰূপৰ পদক লাভ কৰিব পৰা নাই। নীৰজে প্ৰথম ভাৰতীয় হিচাপে সেই অভিলেখ গঢ়ি তুলিছে।

২০০৮ চনত বেইজিং অলিম্পিকত সোণৰ পদক জয় কৰাৰ পিছত অভিনৱ বিন্দ্ৰাই ২০১২ চনত লণ্ডনত পদক লাভ কৰা নাছিল। বহু প্ৰত্যাশাৰ চাপ চম্ভালি নীৰজে সোণৰ পিছত ৰূপৰ পদক লাভ কৰে। অৰ্থাৎ তেওঁ দুটা অলিম্পিক খেলি দুটা পদক লাভ কৰে।

আৰু ঠিক সেইবাবেই নীৰজে স্বৰ্ণ জয় নকৰিলেও তেওঁৰ ‘গোল্ডেন বয়’ৰ খিতাপ কাঢ়ি ল’ব নোৱাৰি। কাৰণ সোণৰ পদক জয় কৰাৰ পিছত ১৪০ কোটি মানুহৰ প্ৰত্যাশা চম্ভালি পৰৱৰ্তী অলিম্পিকত ৰূপৰ পদক জয় কৰাটো মুখৰ কথা নহয়। তদুপৰি এয়া ক্ৰিকেট বা ফুটবল নহয় যে বিপক্ষৰ উইকেট লৈ বা মোকাবিলা কৰি প্ৰতিপক্ষক ৰখাই দিব পাৰে। ফলত প্ৰতিদ্বন্দ্বী খেলুৱৈয়ে যদি অতিমানৱীয় থ্ৰ’ কৰে, তেন্তে তেওঁক ৰখাব নোৱাৰি। বৃহস্পতিবাৰেও ঠিক তেনেকুৱাই হ’ল।

ফাইনেলৰ দ্বিতীয় থ্ৰ’ত নাদিমে ৯২.৯৭ মিটাৰ ক্লিয়াৰ কৰে। তেতিয়ালৈকে কোনেও এই অসাধাৰণ কাম কৰিব পৰা নাছিল। ফলত তেওঁৰ ওপৰত বিশেষ চাপ নাছিল। মুকলি মন এটা লৈ আহিছিল। আৰু এক অতি মানৱীয় থ্ৰ’। সেই থ্ৰ’ৰ পিছত নীৰজৰ ওপৰত চাপ পৰি গৈছিল। সেয়া অতি স্বাভাৱিক।

নাদিমৰ ৯২.৯৭ মিটাৰ থ্ৰ’ৰ পাছত নীৰজৰ ৫টা থ্ৰ’ত চাপৰ বাবে চাৰিটা ফাউলো আছিল। তেওঁ ৯২.৯৭ মিটাৰ বাধা অতিক্ৰম কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাইছিল। তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ থ্ৰ’ হৈছে ৮৯.৯৪ মিটাৰ। গতিকে নীৰজে নিজকে অতিক্ৰম কৰি স্বৰ্ণ জয় কৰিব লগা আছিল। এইবাৰ সেইটো কৰিব নোৱাৰিলে। কিন্তু সেই নোৱাৰাৰ মাজত বিফলতা নাই, সেই বিফলতাৰ মাজতে লুকাই আছে সফলতা। নীৰজে এনে কাম কৰিছে যিটো ১৯০০ চনৰ পৰা কোনো ভাৰতীয়ই কৰিব পৰা নাই।

জেভেলিনৰ ফাইনেলত নীৰজৰ ব্যক্তিগত প্ৰদৰ্শন

১) প্ৰথম থ্ৰ’: ফাউল।

২) দ্বিতীয় থ্ৰ’ : ৮৯.৪৫ মি.

৩) তৃতীয় থ্ৰ’: ফাউল।

৪) চতুৰ্থ থ্ৰ’: ফাউল।

৫) পঞ্চম থ্ৰ’: ফাউল।

৬) ষষ্ঠ থ্ৰ’: ফাউল।

জেভেলিনৰ ফাইনেলত আনসকলৰ প্ৰদৰ্শন

১) এণ্ডাৰছন পিটাৰ্ছ : ৮৪.৭ মিটাৰ, ৮৭.৮৭ মিটাৰ, ফাউল, ৮৮.৫৪ মিটাৰ (শ্ৰেষ্ঠ), ৮৭.৩৮ মিটাৰ, ৮১.৮৩ মিটাৰ।

২) জাকুব ভাডলেচ : ৮০.১৫ মিটাৰ, ৮৪.৫২ মিটাৰ, ৮৮.৫ মিটাৰ (শ্ৰেষ্ঠ), ফাউল, ৮৪.৯৮ মিটাৰ, ৮৩.২৭ মিটাৰ।

৩) জুলিয়ান ৱেবাৰ : ফাউল, ৮৭.৩৩ মিটাৰ (শ্ৰেষ্ঠ), ফাউল, ৮৬.৮৫ মিটাৰ, ফাউল, ৮৭.৪ মিটাৰ, ৮৪.০৯ মিটাৰ।

৪) আৰ্ছাদ নাদিমঃ ফাউল, ৯২.৯৭ মিটাৰ (শ্ৰেষ্ঠ, অলিম্পিক অভিলেখ), ৮৮.৭২ মিটাৰ, ৭৯.৪ মিটাৰ, ৮৪.৮৭ মিটাৰ, ৯১.৭৯ মিটাৰ।

২০২০ টকিঅ’ অলিম্পিকৰ পদক বিজয়ী

১) সোণঃ নীৰজ চোপ্ৰা (৮৭.৫৮মিটাৰ)।

২) ৰূপ : জাকুব ভাডলেচ (৮৬.৬৭ মিটাৰ)।

একেৰাহে ২ খন অলিম্পিক (পুৰুষৰ জেভেলিন)ত সোণৰ পদক লাভ কৰাসকল

১) এৰিক লেমিং (ছুইডেন): ১৯০৮ আৰু ১৯১২ চন।

২) জুনাছ মাইৰা (ফিনলেণ্ড): ১৯২০ আৰু ১৯২৪ চন।

৩) জান জেলেজনি (চেক গণৰাজ্য): ১৯৯২, ১৯৯৬ আৰু ২০০০ চন।

৪) আন্দ্ৰেয়াছ থৰকিল্ডচেন (নৰৱে): ২০০৪ আৰু ২০০৮।