NORTHEAST NOW (Assamese)
অসম

পত্নী ব্যভিচাৰী হ’লে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে দিব নালাগিব ভৰণপোষণ : উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 5, 2022 7:25 pm
law

বিবাহ বিচ্ছেদ সন্দৰ্ভত আজি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ৰায় দিয়ে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিধি গুপ্তা আৰু ন্যায়াধীশ ৰিতু বহৰিৰ খণ্ড বিচাৰপীঠে এগৰাকী মহিলাৰ এক বিশেষ আবেদন খাৰিজ কৰি এইবুলি কয় যে বিবাহ বিচ্ছেদৰ পিছত স্বামীয়ে তেওঁৰ ব্যভিচাৰী আৰু নিষ্ঠুৰ প্ৰকৃতিৰ পত্নীক ভৰণপোষণ নিদিলেও হ’ব।

আদালতে বিবাহ বিচ্ছেদৰ পিছত ভৰণপোষণৰ বাবে পত্নীয়ে কৰা আবেদন নাকচ কৰে। উল্লেখ্য মহিলাগৰাকীয়ে স্বামী থকাৰ পিছতো আন পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ আৰু ইয়াৰ প্ৰতিবাদ কৰাত সম্বামীৰ প্ৰতি অমানৱীয় আচৰণ কৰাৰ অভিযোগ আছিল। মহিলাগৰাকীক লোকজনে ১৯৮৯ চনতবিয়া কৰোৱাইছিল যদিও তেওঁলোকৰ কেইবছৰমানৰ পিছতে পাৰিবাৰিক আদালতত বিচ্ছেদ হৈছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে স্বামীৰ পৰা ভৰণপোষণৰ খৰচ বিচাৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। স্বামীয়ে পত্নীৰ ব্যভিচাৰৰ কথা প্ৰমাণসহকাৰে আদালতত দাখিল কৰে।

স্বামীয়ে আদালতক জনায় কয় তেওঁৰ পত্নীয়ে আন লোক এজনৰ সৈতে অবৈধ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছিল। মানুহজনে তেওঁ কৰা সকলো অভিযোগৰ সমৰ্থনত আদালতত প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে পাৰিবাৰিক আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পূৰ্ণ হয়।বিবাহ বিচ্ছেদৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পৰা স্থায়ী ভৰণপোষণ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। মহিলাগৰাকী বিবাহ বিচ্ছেদৰ আগতে আৰু পিছত আন এজন পুৰুষৰ সৈতে সম্পৰ্কত লিপ্ত আছিল বাবেই তেওঁ স্বামীৰ পৰা ভৰণপোষণৰ খৰচ পাব নোৱাৰে বুলি কয়।