NORTHEAST NOW (Assamese)
Popular Stories

অবিশ্বাস্য! তিৰুপতি কিমান কোটিৰ গৰাকী জানেনে? সোণ আৰু নগদ ধনৰ হিচাপ দিলে মন্দিৰ কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2022 2:18 pm

তিৰুমালা তিৰুপতি মন্দিৰ কৰ্তৃপক্ষই নগদ ধন আৰু সোণকে ধৰি মন্দিৰৰ মুঠ সম্পত্তি ঘোষণা কৰিছে । তেওঁলোকে প্ৰকাশ কৰা শ্বেতপত্ৰ অনুসৰি মন্দিৰৰ ১০ টনতকৈও অধিক সোণ আৰু নগদ ১৫,৯৩৮ কোটি টকাৰ সম্পত্তি আছে।

অৱশ্যে, মন্দিৰ কৰ্তৃপক্ষই অতিৰিক্ত সম্পত্তি অন্ধ্ৰ প্ৰদেশ চৰকাৰক হস্তান্তৰ কৰা হ’ব বুলি ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে তেওঁলোকে দাবী কৰিছে যে অতিৰিক্ত সম্পত্তি এটা নিৰ্দিষ্ট বেঙ্কত ৰখা হৈছে। মন্দিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এখন প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে।

লগতে পঢ়ক: বাথটাবত উদ্ধাৰ সংগীতশিল্পীৰ মৃতদেহ; সংগীত জগতত শোকৰ ছাঁ

বিজ্ঞপ্তিখনত কোৱা হৈছে, “সকলো অনুৰাগীক কোনো ধৰণৰ মিছা বাতৰিৰ বিশ্বাস  নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। নগদ ধন আৰু সোণকে ধৰি মন্দিৰৰ সকলো সম্পত্তি বেংকত ৰখা হৈছে। আৰু সেয়া সম্পূৰ্ণ স্বচ্ছতাৰ সৈতে।‘’

সংবাদ মাধ্যমৰ আগত তিৰুপতি মন্দিৰৰ জ্যেষ্ঠ বিষয়া এ ভি ধৰ্ম ৰেড্ডীয়ে দাবী কৰে যে মন্দিৰ ন্যাসৰ মুঠ সম্পত্তি ২.২৫ লাখ কোটি টকাতকৈও অধিক। ২০১৯ চনলৈকে বিভিন্ন বেংকত মন্দিৰৰ নগদ সম্পত্তিৰ পৰিমাণ আছিল ১৩,০২৫ কোটি টকা। যোৱা তিনি বছৰত ই ১৫,৯৩৮কোটি টকালৈ বৃদ্ধি হৈছে।

লগতে পঢ়ক: পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় বিজেপিৰ; হ’বই নেকি ‘বিবাহভৱন’ অগপৰ কাৰ্যালয়!

২০১৯ চনত সোণৰ পৰিমাণ ৭টনতকৈ অধিক আছিল। যোৱা তিনি বছৰত সোণৰ পৰিমাণ প্ৰায় ৩ টন বৃদ্ধি হৈছে।