Singer Aaron Carter found dead in Bathtub আমেৰিকান গায়ক আৰু অভিনেতা এৰন কাৰ্টাৰৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ।
এৰনৰ মুখপাত্ৰই মৃত্যুৰ বিষয়ে নিশ্চিত কৰিছে। এনে কৰুণ ঘটনা কেনেকৈ সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ কি আছিল তাৰ এতিয়া তদন্ত কৰি থকা হৈছে।
এৰন ‘বেকষ্ট্ৰীট বয়জ’ তাৰকা নিকৰ সৰু ভায়েক। এৰন বেকষ্ট্ৰীট ভইচৰ সৈতেও জড়িত আছিল। ইয়াৰ উপৰিও, সংগীত জগততো তেওঁৰ এক সুকীয়া পৰিচয় আছিল।
এৰনে সাত বছৰ বয়সত সংগীতৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ন বছৰ বয়সতে তেওঁৰ প্ৰথম এলবাম মুকলি হয়।
বাতৰি অনুসৰি, শনিবাৰে ৰাতিপুৱা কেলিফৰ্ণিয়াৰ লেঙ্কাষ্টাৰত থকা তেওঁৰ ঘৰৰ বাথটাবত এৰনৰ মৃতদেহ উদ্ধাৰ হয়।
এৰন আৰু তেওঁৰ বাকদত্তা মেলানিয়া মাৰ্টিনৰ এটা সন্তান আছে। যোৱা বছৰ তেওঁলোকৰ পুত্ৰৰ জন্ম হৈছিল।
এৰনৰ এনে অকাল মৃত্যুত ভাগি পৰা মেলানিয়া মাৰ্টিনে কয়, “মই এৰনক সমস্ত অন্তৰেৰে ভাল পাইছিলো। এতিয়া পিতৃ অবিহনে আমাৰ সন্তানক ডাঙৰ-দীঘল কৰিব লাগিব। মই এতিয়াও দুৰ্ভাগ্যজনক এই বাস্তৱতাক গ্ৰহণ কৰিব পৰা নাই।”
প্ৰসিদ্ধ তথা জনপ্ৰিয় সংগীতশিল্পী এৰন কাৰ্টাৰৰ এনে আকস্মিক মৃত্যুত বিশ্বৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে।