NORTHEAST NOW (Assamese)
অসম

সকলো ৰাজ্যৰ চোৰাংচোৱা বিষয়াসকলৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক, অনুপ্ৰৱেশৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 10, 2022 9:38 am

দেশত এতিয়া অনুপ্ৰৱেশ, বিশেষকৈ বাংলাদেশৰ পৰা হৈ থকা অনুপ্ৰৱেশ উদ্বেগৰ কাৰণ হৈ পৰিছে। এনে সময়তে বুধবাৰে দেশৰ সকলো ৰাজ্যৰ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈঠকত মিলিত হয়।

বৈঠকত শ্বাহে বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
উল্লেখ্য বহু বাংলাদেশীয়ে সীমান্ত পাৰ হৈ ভাৰতলৈ অনুপ্ৰৱেশ কৰি আছে।

অনুপ্ৰৱেশকাৰীসকলৰ সৈতে বাংলাদেশৰ জামাতৰ দৰে উগ্ৰপন্থী সংগঠনৰ সম্পৰ্ক থকাৰ কথাও পোহকলৈ আহিছে। জানিব পৰা মতে শ্বাহে তেনে অনুপ্ৰৱেশকাৰীৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য দেশৰ আন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা গুৰুতৰ হৈ পৰিছে।