NORTHEAST NOW (Assamese)
অসম

দিল্লীত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে আলোচনাত মিলিত হ’ল মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেনে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 11, 2022 4:43 pm

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্বৰ ৯ম সংখ্যক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে আজি নতুন দিল্লীত এক আলোচনাত মিলিত হয়। ইয়েলেন দিনজোৰা ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ নতুন দিল্লীত উপস্থিত হৈছে।

বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়, “কেন্দ্ৰীয় বিত্ত মন্ত্ৰী এন সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব ড০ জেনেট য়েলেনে আজি নতুন দিল্লীত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্ব ইএফপিৰ ৯ ম সংখ্যক বৈঠকৰ পূৰ্বে বৈঠকত মিলিত হয়।” মন্ত্ৰালয়ে কয় যে ৯ ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকত দুয়োপক্ষই জলবায়ু, বিত্ত, বহুপাক্ষিক বিষয়, জি-২০ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰিব।

ভাৰতৰ অংশীদাৰিত্ব, কৰ, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, গোলকীয় অৰ্থনীতি আৰু সামগ্ৰীক অৰ্থনৈতিক দৃষ্টিভংগীৰ বিষয়েও এই বৈঠকত আলোচনা হ’ব। মন্ত্ৰালয়ে কয়, “৯ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণ আৰু ড০ জেনেট য়েলেনেও শীৰ্ষ ব্যৱসায়িক নেতা আৰু বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় আৰু অৰ্থনৈতিক সুযোগ সম্পৰ্কীয় এক বাৰ্তালাপত অংশগ্ৰহণ কৰিব।”