NORTHEAST NOW (Assamese)
অসম

অসহিষ্ণুতা! জো বিডেনৰ ভাতৃ-ভগ্নীকে ধৰি ২০০ আমেৰিকানৰ ওপৰত নিষেধাজ্ঞা আৰোপ ৰাছিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2022 12:23 pm

Russia bans entry to 200 US citizens ৰাছিয়াই এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ভাতৃ-ভগ্নীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। শুকুৰবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান সদৰী কৰিছে। বিডেনৰ ভগ্নী আৰু ৰাজনৈতিক ৰণনীতিবিদ ভেলেৰী বিডেন অ’ৱেনছ আৰু তেওঁৰ ভাতৃ জেমছ ব্ৰায়ান বিডেন আৰু ফ্ৰান্সিছ উইলিয়াম বিডেন নিষিদ্ধ কৰা ২০০ জন আমেৰিকানৰ ভিতৰত আছে।

বিবৃতিটোত কোৱা হৈছে যে ২০০ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক যাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেওঁলোকে ৰাছিয়া ভ্ৰমণ কৰিব নোৱাৰিব।

লগতে পঢ়ক: বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান; ৰাজ্যৰ শিল্প জগতত শোকৰ ছাঁ

ৰাছিয়াই হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিন জিন-পিয়েৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। কৰিন হোৱাইট হাউচৰ প্ৰেছ সচিব হিচাপে সেৱা আগবঢ়োৱা প্ৰথম কৃষ্ণাংগ ব্যক্তি।

ৰাছিয়াই আঠ মাহ ধৰি ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৪ ফেব্ৰুৱাৰীত অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে মস্কোৰ বিৰুদ্ধে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়ক:সংসদতে সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা! ৪০ জন ‘কামাতুৰ’ পুৰুষ সাংসদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাছিয়াইও বিভিন্ন সময়ত পশ্চিমীয়া ব্যক্তি আৰু সংগঠনসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখি ৰাছিয়াই নতুন নিষেধাজ্ঞা আৰোপ কৰিছে।