NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীয়ে স্থাপন কৰিলে অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ লাইখুঁটা

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 7:48 pm

আজি তিনিচুকীয়া জিলাৰ বৰডুমচাত মুখ্য মন্ত্ৰী সোণোৱালে আগন্তুক অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বৰডুমচা অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰি তেওঁ উপস্থিত লোকসকলক সম্বোধি কয় যে অধিৱেশনখন সফল কৰি তুলিবৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো সাহায্য আৰু সেৱা আগ বঢ়াব। তেওঁ অসম সাহিত্য সভাৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ কয় যে এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশন সীমামূৰীয়া অঞ্চলত হোৱা বাবে এই অধিৱেশনৰ জৰিয়তে আমাৰ অৰুণাচল প্ৰদেশৰ লোকৰ সৈতে ভাতৃত্ববোধ, আৰু পাৰস্পৰিক বুজাবুজি তথা বিশ্বাসৰ এক সুযোগ মিলিব। অনুষ্ঠানটোত মুখ্য মন্ত্ৰীজনক সংগ দিয়ে স্থানীয় বিধায়কজনে। লগতে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পৰমানন্দ ৰাজবংশীও অনুষ্ঠানটোত উপস্থিত আছিল। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ এই বিশেষ অধিৱেশনখন অহা ১ ফেব্ৰুৱাৰিৰ পৰা ৪ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’ব।