NORTHEAST NOW (Assamese)
অসম

বৃহৎ ঘোষণাঃ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিব ডোনাল্ড ট্ৰাম্পে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 16, 2022 11:12 am
aaa donald-trump-september-23

মধ্যৱৰ্তী নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছতো আশা এৰি দিয়া নাই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। শেহতীয়াকৈ তেওঁ ঘোষণা কৰিছে যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব।

ট্ৰাম্পে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিছে। মাৰ্কিন গোপনীয় নথি কুক্ষিগত কৰি ৰখাৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে তদন্ত চলি আছে। এনে সময়তে ট্ৰাম্পে পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণা বিশেষ তাৎপৰ্য বহন কৰিছে। কেৱল ঘোষণা কৰাই নহয়, ট্ৰাম্পে নিৰ্বাচনৰ বাবে প্ৰয়োজন হোৱা কাগজ-পত্ৰ আদিও হোৱাইট হাউছত জমা দিছে।

৭৬ বছৰীয়া ট্ৰাম্পৰ এনে সিদ্ধান্তই মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জোকাৰণি তুলিব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।উল্লেখ্য আমেৰিকাত শেহতীয়াকৈ অনুষ্ঠিত মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্পৰ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় “আজিৰ দিনটো দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ’বলৈ গৈ আছে। এয়া উভতনি যাত্ৰাৰ অহাৰ আৰম্ভণি। মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছো। “।