NORTHEAST NOW (Assamese)
Popular Stories

চাণক্য নীতি: যদি জীৱনত সফল হ’ব বিচাৰে তেন্তে ত্যাগ কৰক এনে সংগ; প্ৰতিটো কামতে হৈ পৰে বাধা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2023 7:24 am

বিশ্বৰ মহান অৰ্থনীতিবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ আৰু পথ প্ৰদৰ্শক আচাৰ্য চাণক্যই নিজৰ নীতি শাস্ত্ৰ চাণক্য নীতিত মানুহক সফল হোৱাৰ পথ দেখুৱাইছে। চাণক্য নীতিত কোৱা হৈছে যে এজন ব্যক্তিয়ে সফল হ’বলৈ কি কৰিব লাগে আৰু কি কি বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে। ভুল অভ্যাস, ভুল মানুহৰ সংগই সফলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱা ব্যক্তিজনকো পিছুৱাই লৈ যায় আৰু তেওঁক সফল হোৱাত বাধা দিয়ে। সেইবাবেই সিহঁতৰ পৰা আঁতৰি থকাই ভাল।

আনৰ পাপৰ শাস্তি বহন কৰিবলগীয়া হয়

চাণক্য নীতিত আচাৰ্য চাণক্যই এটি শ্লোকত লিখিছে-

ৰাজা ৰাষ্ট্ৰকৃত পাপ ৰাজ্ঞ: পাপ পুৰোহিত:

ভৰ্তস্ত্ৰীকৃত পাপ শিষ্যপা গুৰুস্তথা।।

এই শ্লোকত এনে কিছুমান মানুহৰ বিষয়ে কোৱা হৈছে, যিয়ে কোনো ভুল নকৰাকৈ আনৰ পাপৰ শাস্তি ভোগ কৰিবলগীয়া হয়। এই লোকসকল হৈছে ৰজা-প্ৰজা, গুৰু-শিষ্য আৰু স্বামী-স্ত্ৰী। এই শ্লোকৰ যোগেদি আচাৰ্য চাণক্যই কৈছে যে যি ব্যক্তিয়ে অন্যায় বা বেয়া কাম কৰে, তেওঁ তাৰ শাস্তি ভূগিবই লাগে, কিন্তু কেতিয়াবা আনৰ বেয়া কামৰ শাস্তিও ভূগিবলগীয়া হয়।

ৰজা-প্ৰজাঃ চাণক্যৰ নীতি অনুসৰি দেশৰ শাসকে যদি কিবা ভুল কাম কৰে, তেন্তে তাৰ পৰিণাম সমগ্ৰ দেশৰ জনসাধাৰণে ভোগ কৰিব লগা হয়। সেইবাবেই শাসক সঠিক হোৱাটো অতি প্ৰয়োজনীয়। শাসক যদি দুষ্ট, অত্যাচাৰী, তেন্তে তেনে দেশ এৰি যোৱাটোৱেই ভাল। একেদৰে কোনো উচ্চ পদস্থ দুষ্ট ব্যক্তিৰ লগত সম্পৰ্ক নাৰাখিব, তেওঁ যিকোনো সময়তে আপোনাৰ ডাঙৰ ক্ষতি কৰিব পাৰে।

গুৰু-শিষ্যঃ শিষ্যক বাট দেখুৱাই দিয়াটো গুৰুৰ কৰ্তব্য। যদি গুৰুজন সঠিক নহয় বা তেওঁৰ আচৰণ আৰু কৰ্ম উপযুক্ত নহয়, তেন্তে তেনে গুৰুৰ পৰা দূৰত্ব বজাই ৰখা ভাল। সেয়েহে গুৰুজনক সাৱধানে বাছি লওক।

স্বামী-স্ত্ৰী: স্বামী-স্ত্ৰীক একেখন ৰথৰ দুটা চকা বুলি কোৱা হয়। কিন্তু এই দুজনৰ এজন যদি দুষ্ট, অশিষ্ট আচৰণকাৰী, প্ৰতাৰক হয়, তেন্তে আনজনে তেওঁৰ সৈতে সম্পৰ্ক শেষ কৰিব লাগে। কাৰণ এনে এজন জীৱন সংগীৰ লগত থকাটো নৰকৰ দৰে জীৱন যাপনৰ দৰেই হয়।