NORTHEAST NOW (Assamese)
দেশ

বন্ধুকন্যাক ধৰ্ষণকাৰী দিল্লীৰ চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ: গৰ্ভপাতত সহায় কৰা পত্নীকো গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 10:01 pm
Delhi Officer Allegedly Raping Teen

সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা দিল্লীৰ কিশোৰী ধৰ্ষণকাণ্ডৰ অভিযুক্ত চৰকাৰী বিষয়াগৰাকীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিষয়াগৰাকীৰ পত্নীকো এই ঘৃণনীয় কাণ্ডত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দম্পতীহালৰ নাম প্ৰেমোদয় খাখা আৰু সীমা ৰাণী।

অভিযুক্ত খাখাই বন্ধুকন্যা ১৪ বৰ্ষীয় কিশোৰীগৰাকীক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে এই নৃশংস কাণ্ডত গৰ্ভৱতী হোৱা কিশোৰীগৰাকীক গৰ্ভপাতৰ ঔষধ দিয়াৰ অভিযোগ উত্থাপন হৈছে খাখাৰ পত্নীৰ বিৰুদ্ধে।

দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই উল্লেখ কৰা মতে, সীমা ৰাণী এই সমগ্ৰ কাণ্ডৰ বিষয়ে অৱগত আছিল আৰু ঘটনাক গাপ দি ৰখাৰ উদ্দেশ্যে কিশোৰীগৰাকীক গৰ্ভপাতৰ বাবে ঔষধ দিয়া বুলি অভিযোগ উঠিছে।

গ্ৰেপ্তাৰ হোৱাৰ কিছু সময়ৰ পূৰ্বে অভিযুক্ত খাখাক দিল্লী চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহকাৰী সঞ্চালক পদৰ পৰা নিলম্বিত কৰা হয়।খাখাৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা(POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

লক্ষণীয়ভাৱে খাখাক গ্ৰেপ্তাৰ কৰাত পলম হোৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু শাসকীয় আম আদমী পাৰ্টিয়ে দিল্লী আৰক্ষীক সমালোচনা কৰিছিল।

অভিযুক্ত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাটো এই গোচৰৰ আটাইতকৈ লজ্জাজনক দিশ বুলি উল্লেখ কৰি আপে খাখাৰ বিৰুদ্ধে আইনৰ সৰ্বোচ্চ পৰিসৰত গোচৰ চলাবলৈ দাবী জনায়।

উল্লেখ্য যে, খাখাই তেওঁৰ বন্ধুৰ নাবালিকা কন্যাক একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। খাখাৰ বন্ধু তথা কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যুৰ পিছত ২০২০ চনৰ নৱেম্বৰৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহৰ ভিতৰত সংঘটিত হৈছিল এই কাণ্ড।

এই ধৰ্ষণকাণ্ডৰ সময়ত তেতিয়াৰ ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে পিতৃৰ মৃত্যুৰ বাবে খাখা আৰু তেওঁৰ পত্নীৰ সৈতে বাস কৰিছিল। শেহতীয়াকৈ তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ হাস্পতালৰ এগৰাকী থেৰাপিষ্টক ঘটনাৰ বিষয়ে কোৱাৰ পিছতহে এই ধৰ্ষণৰ কথা পোহৰলৈ আহিছে।