NORTHEAST NOW (Assamese)
অসম

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2026 11:03 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বহু চৰ্চিত ‘বন্ধুত্ব’ৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এইবাৰ তীব্ৰ প্ৰতিক্ৰিয়া জনালে। দেওবাৰে এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ দাবী কৰে যে এই দুয়োগৰাকী নেতাৰ ঘনিষ্ঠতাই কেৱল ভাৰতকেই নহয়, সমগ্ৰ বিশ্বৰ ভৱিষ্যত আৰু বৰ্তমানকো ধ্বংস কৰি দিছে।

খাৰ্গেৰ ভাষাত, “প্ৰধানমন্ত্ৰী মোদীয়ে এই দেশখন ধ্বংস কৰিছে, আৰু ট্ৰাম্পে সমগ্ৰ বিশ্বক ধ্বংস কৰিছে। তথাপিও যেতিয়াই ইজনে সিজনক দেখা পায় তেতিয়াই কয়, ‘মাই গুড ফ্ৰেইণ্ড, মাই গুড ফ্ৰেইণ্ড’ (মোৰ ভাল বন্ধু)!” এই বন্ধুত্বৰ মূল্য ভাৰতৰ সাধাৰণ জনতাই ভৰিব লগা হৈছে বুলি দাবী কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

খাৰ্গেই অভিযোগ কৰে যে মোডী আৰু ট্ৰাম্পৰ এই বন্ধুত্বৰ বাবেই দেশৰ সাধাৰণ জনতাৰ দুখ দিনক দিনে বাঢ়িছে। তেওঁ পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বিষয়টো উত্থাপন কৰি কয়, “তোমালোক দুয়ো যদি ইমানেই ভাল বন্ধু, তেন্তে দেশৰ জনসাধাৰণে কিয় ভূগিব লাগে? যদি ট্ৰাম্পে এনে নীতি গ্ৰহণ নকৰিলেহেঁতেন তেন্তে বিশ্বৰ বজাৰত তেলৰ দামো ইমান বৃদ্ধি নহ’লহেঁতেন। আৰু তাৰ ফলত আজি আমাৰ দেশত পেট্ৰ’ল-ডিজেলৰ দাম আকাশলংঘী নহ’লহেঁতেন।” খাৰ্গেৰ মতে এই বন্ধুত্বই দেশক উপকাৰতো কৰাই নাই, বিপৰীতে ভাৰতৰ সুনামৰ ক্ষতিহে কৰিছে।

প্ৰধানমন্ত্ৰীৰ বৈদেশিক নীতিক কঠোৰ সমালোচনা কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে অন্ধ বন্ধুত্বৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘদিনীয়া পৰম্পৰাগত নিৰপেক্ষ বৈদেশিক নীতিক ত্যাগ কৰিছে।

জৱাহৰলাল নেহৰুৰ যুগৰ কথা উল্লেখ কৰি তেওঁ কয়, “নেহৰুজীৰ সময়ত আমাৰ দেশে এক নিৰপেক্ষ নীতি (Non-alignment Policy)মানি চলিছিল। সেই গোষ্ঠী নিৰপেক্ষ স্থিতিৰ বাবেই সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সদায় ভাৰতৰ কাষত থিয় দি আহিছে।”

খাৰ্গেই দাবী কৰে যে বৰ্তমান চৰকাৰে পূৰ্বৰ চৰকাৰে পালন কৰা নীতি সম্পূৰ্ণৰূপে বিলুপ্ত কৰিছে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিখন দেশলৈ গৈ কেৱল ‘আমাৰ বন্ধু, আমাৰ বন্ধু’ বুলি প্ৰচাৰ চলোৱাত ব্যস্ত। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, “আন্তঃৰাষ্ট্ৰীয় মঞ্চত সকলোকে সন্তুষ্ট কৰাৰ এই প্ৰচেষ্টাই অৱশেষত আমাক ডাঙৰ বিপদত পেলাইছে। সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি মোডীজীয়ে আচলতে আমাৰ নিজৰ ডিঙিত ফাঁচী লগাই দিছে।”

মুঠৰ ওপৰত কংগ্ৰেছ নেতৃত্বই ধাৰণা কৰে যে নৰেন্দ্ৰ মোডী আৰু ড’নাল্ড ট্ৰাম্পৰ এই পাৰস্পৰিক সমীকৰণে ভাৰতৰ জাতীয় স্বাৰ্থক চৰম ক্ষতিৰ মুখলৈ ঠেলি দিছে।