NORTHEAST NOW (Assamese)
অসম

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2026 9:53 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

দেওবাৰে গুৱাহাটীত অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি, পদ্মশ্ৰী প্ৰাপক, প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙক “অসম  সাহিত্য সভাৰ তৰফৰ পৰা উষ্ম সম্ভাষণ জনাই বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে অসম সাহিত্য সভাৰ বিষয়ববীয়াই।

অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰসাশনিক কাৰ্যালয়ৰ সম্পাদক ড ০ সঞ্জীৱ কুমাৰ শৰ্মাই অসম সাহিত্য সভাৰ সদ্য প্ৰকাশিত ডালু জনগোষ্ঠীৰ ইতিহাস গ্ৰন্থখন প্ৰদান কৰি তেখেতেৰ আশু আৰোগ্য কামনা কৰে।

সভাৰ এগৰাকী প্ৰাক্তন সভাপতি, পদ্মশ্ৰী প্ৰাপক ড০ সূৰ্যকান্ত হাজৰিকাই শুভেচ্ছা জনাই কয়- “সমন্বয়-সংহতিৰ ধ্বজাবাহক ৰংবং তেৰাং। আজীৱন সাহিত্যৰ সাধক। পাহাৰ ভৈয়ামৰ সমন্বয়ৰ  ধ্বজাবাহক। তেৰাং ডাঙৰীয়াৰ কাপৰ পৰা অসমীয়া সাহিত্যলৈ ভালেমান অনুপম সাহিত্য সৃষ্টি হৈছে। আৰু অনেক সৃষ্টি হোৱাটো আশা কৰোঁ।”

অনুষ্ঠানত অংশ লৈ পৰাগ জ্যোতি প্ৰকাশনৰ লেখক-সাংবাদিক দীপক কুমাৰ শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী তথা কবি- সমালোচক কিশোৰ কুমাৰ জৈনে কয়- “ৰংবং তেৰাং চাৰৰ বাগ্মীতা অতুলনীয়। সকলোকে একেডাল সুতাৰে গাঁঠিব বিচাৰে।”

সাংবাদিক -লেখক দীপক শৰ্মাই কয়- তেৰাং চাৰৰ চিন্তাধাৰা বিশ্বজনীন। চিকিৎসাৰ বাবে ডিফুৰ পৰা গুৱাহাটীলৈ অহা ৰংবং তেৰাঙৰ সুস্বাস্থৰে স’তে দীৰ্ঘায়ু জীৱন কামনা কৰে  সাহিত্যসেৱী দলটোৱে।

ইপিনে, “ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা তেৰাঙে কয়- “আজি মোৰ আপোন মানুহ কেইজনক ওচৰত পাই আহ্লাদিত। এমোনা সুখ পাইছোঁ।” তেওঁ “ককাদেউতাৰ চাংঘৰ” নামৰ এখন নতুন উপন্যাস লেখা আৰম্ভ কৰাৰ কথা দোহাৰে। নতুন প্ৰজন্মক লৈ অধিক চিন্তিত তেৰাঙে কয় যে আমি নতুনক সঠিক পথৰ সন্ধান জ্যেষ্ঠসকলে দিব লাগিব। নতুন প্ৰজন্মইহে সমাজ সুশৃংখলভাৱে নিৰ্মাণ কৰিব পাৰিব।