NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰীৰ অগ্ৰিম জামিন মঞ্জুৰ

Posted by: ৰাহুল চক্ৰবৰ্তী Updated by: ৰাহুল চক্ৰবৰ্তী October 15, 2019 12:29 pm
Badal Choudhury

দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক বাদল চৌধুৰীয়ে ১৬ অক্টোবৰলৈ অন্তৱৰ্তিকালীন জামিন লাভ কৰিলে।

আজি জিলা আৰু সত্ৰ ন্যায়াধীশ সত্যজিৎ দত্ত পুৰকায়স্থই প্ৰাক্তন মন্ত্ৰী গৰাকীক অগ্ৰিম জামিন প্ৰদান কৰে। এতিয়া জামিনৰ ম্যাদ থকালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

প্ৰাক্তন মন্ত্ৰী গৰাকীৰ উকিলে আদালতত আবেদন কৰা অগ্ৰিম জামিনৰ শুনানিৰ পাছতে ন্যায়াধীশে জামিন মঞ্জুৰ কৰে।

বুধবাৰে সত্ৰ ন্যায়াধীশৰ আদালতে মন্ত্ৰী গৰাকীৰ অগ্ৰিম জামিন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিব।

ইফালে বাদল চৌধুৰীৰ উকিল অৰিন্দম ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে বিধায়ক গৰাকীৰ বিৰুদ্ধে অনা এই সকলোবোৰ অভিযোগ মিছা তথা ভিত্তীহিন।

ইফালে এই একেটা অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হোৱা মুখ্য অভিযন্তা সুনীল ভৌমিকক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পিছতে তেওঁক মঙলবাৰলৈ জেইললৈ প্ৰেৰণ কৰে। আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে পূৰ্বৰ বাওঁ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বাদল চৌধুৰীৰ লগতে প্ৰাক্তন মুখ্য সচিব য়শপাল সিং আৰু গড়কাপ্তানী বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা সুনীল ভৌমিকৰ সহায়ত বিভাগত চৰম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত তিনিওগৰাকীৰ বিৰুদ্ধে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে।